প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ জন্মদিন তথা গুজৰাটৰ মুখ্যমন্ত্রী আৰু প্ৰধানমন্ত্ৰীৰূপে কাৰ্যনিৰ্বাহ কৰাৰ মুঠ ২৫ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে আজিৰেপৰা সেৱা সমর্পন মাহৰ আয়োজন কৰা হৈছে। এই উপলক্ষে দেশৰ প্রান্তে প্রান্তে সেৱা সংকল্প অভিযানৰ অধীনত ভালেসংখ্যক কার্যসূচী লোৱা হৈছে। ১৭ অক্টোবৰলৈ চলিবলগীয়া এই অভিযানৰ প্ৰথম দিনটোত আজি সেৱা দিৱস হিচাপে পালন কৰা হৈছে। এই দিৱসৰ অংশ হিচাপে দেশজুৰি আজি ৰক্তদান শিবিৰৰ আয়োজন কৰা হৈছে। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনে নতুন দিল্লীস্থিত দলৰ মুখ্য কাৰ্যালয়ত এই শিবিৰ মুকলি কৰে। শিবিৰত শ্রী নবীন আৰু দলৰ অন্য নেতা-কর্মীয়ে ৰক্তদান কৰে। এই উপলক্ষে বিজেপিৰ সভাপতিগৰাকীয়ে কয়, যে দেশৰ বিভিন্ন অংশত দলীয় কর্মীসকলে ৰক্তদান শিবিৰত অংশ লৈছে। তেওঁ কয়, যে প্রধানমন্ত্রী মোদীৰ নেতৃত্বত জনসাধাৰণৰ জীৱনৰ আমূল পৰিবৰ্তন হৈছে। প্রধানমন্ত্রী মোদীৰ নেতৃত্বত ভাৰত ২০৪৭ চনৰ ভিতৰত উন্নত ৰাষ্ট্ৰ হিচাপে নিজকে প্ৰতিষ্ঠা কৰাৰ পথত ক্ষিপ্ৰতাৰে অগ্ৰসৰ হৈছে বুলি তেওঁ মন্তব্য কৰে।
প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ আজি ৭৬ সংখ্যক জন্মদিন উপলক্ষে ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুর্মু, উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণ আৰু কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহ, মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাকে ধৰি বিভিন্নজনে নেতাগৰাকীলৈ শুভেচ্ছা জনাইছে। ৰাষ্ট্ৰপতি শ্রীমতী মুর্মুৱে সামাজিক মাধ্যমযোগে কয়, যে প্রধানমন্ত্রী মোদীয়ে তেওঁৰ ব্যক্তিত্ব আৰু কৰ্মৰাজিৰে দেশৰ সমৃদ্ধি আৰু মর্যাদা বৃদ্ধি কৰিছে। উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণে সামাজিক মাধ্যমযোগে দিয়া এটা বার্তাত শ্রী মোদীক শুভেচ্ছা জ্ঞাপন কৰি কয়, যে প্ৰধানমন্ত্ৰীগৰাকীৰ নেতৃত্বত ভাৰত বিশ্বৰ অন্যতম দ্রুত বিকশিত অর্থনীতি হিচাপে পৰিগণিত হৈছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই অসমবাসীৰ হৈ প্ৰধানমন্ত্ৰীগৰাকীলৈ জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰিছে। তেওঁ কয়, যে শ্রী মোদীয়ে ১৪০ কোটি ভাৰতীয়ৰ আশা-আকাংক্ষাক বাস্তৱায়িত কৰি উন্নয়ন আৰু আত্মনির্ভশীলতাৰ নতুন যুগৰ সূচনা কৰিছে। অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতি তেওঁৰ দায়বদ্ধতা সদায় প্ৰেৰণাৰ উৎস বুলি মুখ্যমন্ত্রীয়ে কয়। কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল আৰু পবিত্র মাৰ্ঘেৰিটাইও প্রধানমন্ত্রী মোদীৰ জন্মদিন উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰিছে।