প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ যশোভূমিত ছেমিকন ইণ্ডিয়া সম্মিলন আৰু প্ৰদৰ্শনীৰ পঞ্চম সংস্কৰণ মুকলি কৰে। এই তিনিদিনীয়া সম্মিলনে এখন ধবজাবাহী মঞ্চ হিচাপে কাম কৰাৰ লগতে গোলকীয় ছেমি কণ্ডাক্টৰ আৰু বৈদ্যুতিন খণ্ডৰ প্ৰতিষ্ঠানসমূহক একত্ৰিত কৰি সমন্বয় বৃদ্ধি, উদ্ভাবন, উৎপাদন সামর্থ বৃদ্ধি, বিনিয়োগ আকৰ্ষিত কৰা আৰু প্রতিভা বিকাশত অৰিহণা যোগাব। এই সন্মিলনত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰী শ্রী মোদীয়ে কয়, যে এফালে ভাৰতৰ অর্থনৈতিক বিকাশ ত্বৰান্বিত হোৱাৰ লগতে ভাৰতৰ ওপৰত বিশ্ব সম্প্রদায়ৰ বিশ্বাস ক্ৰমাৎ বাঢ়িবলৈ লৈছে। প্রধানমন্ত্রী শ্রী মোদীয়ে কয়, যে দেশৰ প্ৰতিজন নাগৰিকে এখন বিকশিত ভাৰত নিৰ্মাণৰ প্ৰতিশ্ৰুতিৰে কাম কৰি আহিছে। প্রধানমন্ত্রীগৰাকীয়ে কয়, যে ভাৰতৰ ছেমি কণ্ডাক্টৰ পৰিৱেশ তন্ত্র দ্রুত গতিত বৃদ্ধি পাইছে আৰু ইয়ে উদ্ভাবন, বিনিয়োগ আৰু বিকাশত সুযোগ সৃষ্টি কৰিব।
এই সম্মিলনত কেন্দ্রীয় ইলেক্ট্রনিক্ছ আৰু তথ্য প্ৰযুক্তিৰ মন্ত্রী অশ্বিনী বৈষ্ণবে কয়, যে ভাৰতে বিগত কেইবা দশক ধৰি ছেমি কণ্ডাক্টৰ উদ্যোগ স্থাপনৰ বাবে আগ্রহ প্রকাশ কৰি আহিছিল যদিও প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত সম্ভৱ হৈ পৰিল। তেওঁ কয়, যে ইতিমধ্যে এই উদ্যোগৰ বুনিয়াদ স্থাপন কৰা হৈছে আৰু ইয়াৰ দ্বিতীয় পর্যায়ত ছেমিকন টু পইন্ট অ’ৰ জৰিয়তে উদ্যোগ নির্মাণ কৰা হ’ব আৰু ইয়ে ছটা মুখ্য স্তম্ভত আলোকপাত কৰিব। এই পর্যায়ত ছেমি কণ্ডাক্টৰৰ আৰ্হি যন্ত্র তথা সামগ্রী, মেম’ৰি, ছিলিকন, আদিকে ধৰি গৱেষণা আৰু উন্নয়ন কোষো থাকিব। তেওঁ লগতে কয়, যে ছেমি কণ্ডাক্টৰৰ জৰিয়তে চৰকাৰে কমেও ২০০ ষ্টার্টআপ আৰু কম্পেনিক সহায় কৰাৰ লক্ষ্য গ্রহণ কৰিছে।
এই তিনিদিনীয়া সম্মিলন আৰু প্রদর্শনীৰ মূল বিষয়বস্তু হৈছে- ছিলিকনৰ পৰা প্ৰণালীলৈ অনুকূল ব্যৱস্থাৰ নিৰ্মাণ। প্রদর্শনীত বিশ্বৰ বিভিন্ন প্রান্তৰ ৬০০তকৈ অধিক প্রদর্শনকাৰী, ৩০০তকৈ অধিক আন্তঃৰাষ্ট্ৰীয় কোম্পানী আৰু ৪০ খনতকৈ অধিক দেশৰ প্ৰতিনিধিয়ে অংশগ্রহণ কৰিছে। প্রদর্শনীখনত ছখন দেশ, ১২ খন ৰাজ্য আৰু ষ্টার্টআপ প্রতিষ্ঠানৰ বাবে এটা সুকীয়া মণ্ডপ আছে। এই সম্মিলন তথা প্রদর্শনীত ছেমি কণ্ডাক্টৰ নিৰ্মাণ আৰু প্ৰযুক্তিকে ধৰি ছেমি কণ্ডাক্টৰ আৰু বৈদ্যুতিক খণ্ডৰ শেহতীয়া শৈলী আৰু গুৰুত্বপূৰ্ণ খণ্ড সন্দৰ্ভত উচ্চ পর্যায়ৰ আলোচনা আৰু কৌশলগত অধিৱেশনৰ আয়োজন কৰা হৈছে। এই সম্মিলনে ভাৰতীয় আৰু আন্তঃৰাষ্ট্ৰীয় কোম্পানীসমূহৰ বাবে সহযোগিতাৰ অন্বেষণ, বিনিয়োগৰ সুযোগ, প্রযুক্তিগত সহযোগিতা আৰু বিশ্বাসী গোলকীয় ছেমি কণ্ডাক্টৰ সহযোগী হিচাপে ভাৰতৰ স্থিতি অধিক সবল কৰি তোলাৰ আশা কৰা হৈছে।