September 17, 2026 4:03 PM | Congratulations

printer

কংগ্ৰেছ সভাপতি মল্লিকার্জুন খার্গে, ৰাহুল গান্ধীৰ প্রধানমন্ত্রী মোদীলৈ শুভেচ্ছা

ৰাজ্যৰসভাৰ বিৰোধী দলপতি তথা কংগ্ৰেছ সভাপতি মল্লিকার্জুন খার্গে আৰু লোকসভাৰ বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়ে প্রধানমন্ত্রী মোদীক তেওঁৰ জন্মদিন উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমযোগে দিয়া সুকীয়া বার্তাত দুয়োগৰাকী কংগ্ৰেছ নেতাই শ্রীমোদীক সুস্বাস্থ্য আৰু সুদীর্ঘ জীৱনৰ বাবে শুভেচ্ছা জনায়। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ জন্মদিন উপলক্ষে দেশৰ লগতে বিশ্বৰ অন্যান্য স্থানৰ পৰাও শুভকামনাৰ বাৰ্তা আহি আছে। এনে ধৰণৰ সদিচ্ছা তথা শুভেচ্ছাৰ প্ৰতি সঁহাৰি জনাই শ্রীমোদীয়ে নিজৰ সামাজিক মাধ্যমৰ একাউণ্টত অমন পণ্টৰ আশীর্বাদ কা দীয়া শীর্ষক গীতটো প্ৰচাৰ কৰিছে। শুভেচ্ছা জ্ঞাপন কৰা লোকসকলৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে এনে ধৰণৰ সদিচ্ছাই তেওঁৰ অন্তৰত বিশেষ স্থান গ্রহণ কৰি আহিছে। প্রতিটো শুভেচ্ছাই দেশৰ জনসাধাৰণৰ প্ৰতি অধিক নিষ্ঠা আৰু সেৱাৰ মনোভাৱেৰে কাম কৰিবলৈ তেওঁক অনুপ্রাণিত কৰে বুলিও শ্রীমোদীয়ে লগতে প্রকাশ কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।