September 17, 2026 4:03 PM

views 4

কংগ্ৰেছ সভাপতি মল্লিকার্জুন খার্গে, ৰাহুল গান্ধীৰ প্রধানমন্ত্রী মোদীলৈ শুভেচ্ছা

ৰাজ্যৰসভাৰ বিৰোধী দলপতি তথা কংগ্ৰেছ সভাপতি মল্লিকার্জুন খার্গে আৰু লোকসভাৰ বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়ে প্রধানমন্ত্রী মোদীক তেওঁৰ জন্মদিন উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমযোগে দিয়া সুকীয়া বার্তাত দুয়োগৰাকী কংগ্ৰেছ নেতাই শ্রীমোদীক সুস্বাস্থ্য আৰু সুদীর্ঘ জীৱনৰ বাবে শুভেচ্ছা জনায়। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ জন্মদিন উপলক্ষে দেশৰ লগতে বিশ্বৰ অন্যান্য স্থানৰ পৰাও শুভকামনাৰ বাৰ্তা আহি আছে। এনে ধৰণৰ সদিচ্ছা তথা শুভেচ্ছাৰ প্ৰতি সঁহাৰি জনাই শ্রীমোদীয়ে নিজৰ সামাজিক মাধ্যমৰ একাউণ্টত অমন পণ্...