পাকিস্তানে সন্ত্রাসবাদীৰ বাবে অনুকূল পৰিৱেশৰ সৃষ্টি কৰাৰ লগতে সন্ত্রাসবাদী সংগঠন অল-কায়দাৰ নেতৃত্বক নিৰাপদ আশ্রয় দান কৰা বুলি দোষাৰোপ কৰি আমেৰিকাত সংঘটিত ১১ ছেপ্তেম্বৰৰ ঘটনাৰ বাবে ভাৰতে দেশখনক জগৰীয়া কৰিছে। আফগানিস্তানৰ পৰিস্থিতি সন্দৰ্ভত অনুষ্ঠিত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ এখন বৈঠকত পাকিস্তানক কঠোৰ ভাষাৰে সমালোচনা কৰি আন্তঃৰাষ্ট্ৰীয় সংস্থাটোত ভাৰতৰ স্থায়ী প্রতিনিধি পি হৰিষে এই প্ৰসংগত নিৰাপত্তা পৰিষদৰ নিউয়ৰ্কৰ ৯/১১ স্মাৰক ভ্ৰমণৰ বিষয় উল্লেখ কৰে।
আন্তঃৰাষ্ট্ৰীয় সম্প্রদায়ক ১১ ছেপ্তেম্বৰত সংঘটিত সন্ত্রাসবাদী আক্ৰমণৰ বলি হোৱা লোকসকললৈ মনত পেলাই কেৱল সন্ত্রাসবাদীৰ বিৰুদ্ধেই নহয়, বৰঞ্চ সন্ত্রাসবাদীক সহায় কৰা, ধনৰ যোগান ধৰা তথা আশ্ৰয় আৰু সমর্থন আগবঢ়োৱা সকলো পক্ষৰ বিৰুদ্ধে কাম কৰিবলৈ তেওঁ আহ্বান জনায়। প্রতিনিধিগৰাকীয়ে লগতে কয়, যে ৯/১১ আক্ৰমণৰ সৈতে জড়িত শক্তিসমূহক আশ্রয় প্রদান কৰাৰ লেখিয়াকৈ বর্তমানেও লস্কৰ ই তৈয়বা আৰু জৈয়ছ ই মহম্মদকে ধৰি অল কায়দাৰ সহযোগী সংস্থাসমূহক আশ্রয়দান কৰাৰ পৰিৱেশ অব্যাহত আছে। ১৯/১১ ৰ আক্ৰমণৰ চক্রান্তত লিপ্ত অল-কায়দাৰ কেইবাজনো জ্যেষ্ঠ নেতাৰ, পূর্বে পাকিস্তানৰ সৈতে ঘনিষ্ঠ সম্পর্ক থকাৰ তথ্যও তেওঁ উল্লেখ কৰ।
আক্ৰমণৰ ঘটনাটোৰ মূল চক্রান্তকাৰী তথা পুঁজি যোগানেৰে এই চক্রান্তক সাৰ-পানী যোগাওতা ওচামা বীন লাডেনৰ আমেৰিকাই ২০১১ চনত এবটাবাদত চলোৱা এটা অভিযানত মৃত্যু হোৱাৰ প্ৰসংগ উল্লেখ কৰি শ্রী হৰিযে, এনে কুখ্যাত সন্ত্রাসবাদীয়ে পাকিস্তানৰ দূৰণিবতীয়া অঞ্চলতে কেবল নহয়, জনবসতি অঞ্চলতো নিৰাপদ আশ্রয় গ্রহণ কৰি অহাৰ বিষয়েও প্রকাশ কৰে। ৰাষ্ট্ৰসংঘৰ নিষেধাজ্ঞাৰ হাত সাৰিবলৈ পাকিস্তান ভিত্তিক সন্ত্রাসবাদী সংগঠনসমূহে সুকীয়া পৰিচয়ৰ আশ্ৰয় লৈ অহা বুলি অভিযোগ কৰি তেওঁ এনে সংগঠনসমূহৰ পৰা সততে দেখা দিয়া ভাবুকিৰ বিষয়েও উল্লেখ কৰে। আন্তঃৰাষ্ট্ৰীয় সম্প্রদায়ে সন্ত্রাসবাদীৰ নিৰাপদ আশ্ৰয়ৰ বিৰুদ্ধে আৰু নিৰীহ লোকসকলক বিপদৰ সন্মুখীন কৰি অহা পৰিস্থিতিক প্রতিহত কৰাৰ বাবে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰাৰ বিষয়ত তেওঁ গুৰুত্ব আৰোপ কৰে।