ৰাজ্যত মাদক দ্রব্যমুক্ত আৰু শক্তিশালী সমাজ গঢ়াৰ সংকল্পৰে বিশেষ গণ জাগৰণ পদযাত্ৰা কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ লোৱা হৈছে। আজিৰ পৰা ২ অক্টোবৰলৈ ৰূপায়ণ কৰিবলগীয়া ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ এই পদযাত্ৰাত ১০ খন জিলা সামৰি লোৱা হ’ব। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই এই কাৰ্যসূচীৰ প্ৰতি আদৰণি জনাইছে। মুখ্যমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত যুৱ প্ৰজন্মক নিচাযুক্ত দ্ৰব্যৰ কৱলৰ পৰা মুক্ত কৰি এখন সুস্থ আৰু নিৰোগী সমাজ গঢ়াৰ লক্ষ্যৰে গ্ৰহণ কৰা এই পদযাত্ৰা কাৰ্যসূচী সকলোৰে সহযোগিতা কামনা কৰিছে।
Assamese | September 17, 2026 1:02 PM | Governor
আজিৰ পৰা ২ অক্টোবৰলৈ বিশেষ গণ জাগৰণ পদযাত্ৰা