September 17, 2026 1:02 PM

views 10

আজিৰ পৰা ২ অক্টোবৰলৈ বিশেষ গণ জাগৰণ পদযাত্ৰা

ৰাজ্যত মাদক দ্রব্যমুক্ত আৰু শক্তিশালী সমাজ গঢ়াৰ সংকল্পৰে বিশেষ গণ জাগৰণ পদযাত্ৰা কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ লোৱা হৈছে। আজিৰ পৰা ২ অক্টোবৰলৈ ৰূপায়ণ কৰিবলগীয়া ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ এই পদযাত্ৰাত ১০ খন জিলা সামৰি লোৱা হ'ব। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই এই কাৰ্যসূচীৰ প্ৰতি আদৰণি জনাইছে। মুখ্যমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত যুৱ প্ৰজন্মক নিচাযুক্ত দ্ৰব্যৰ কৱলৰ পৰা মুক্ত কৰি এখন সুস্থ আৰু নিৰোগী সমাজ গঢ়াৰ লক্ষ্যৰে গ্ৰহণ কৰা এই পদযাত্ৰা কাৰ্যসূচী সকলোৰে সহযোগিতা কাম...

June 8, 2026 12:58 PM

views 33

দীঘলীপুখুৰীৰ যুদ্ধ স্মাৰক ক্ষেত্ৰৰ বীৰ ছহিদসকলৰ প্ৰতি ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচাৰ্যৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন

ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচাৰ্যই আজি গুৱাহাটীৰ দীঘলীপুখুৰীৰ যুদ্ধ স্মাৰক ক্ষেত্ৰত দেশৰ হকে প্ৰাণ আহুতি দিয়া বীৰ ছহিদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। সৈনিক কল্যাণ সঞ্চালকালয়ৰ উদ্যোগত আয়োজিত আমাৰ ছহিদ শ্ৰদ্ধাঞ্চলি শীৰ্ষক কাৰ্যসূচীত ৰাজ্যপালগৰাকীয়ে ছহিদসকলৰ অদম্য সাহস, বীৰত্ব, দেশপ্ৰেম আৰু নিষ্ঠাক শ্ৰদ্ধাৰে স্মৰণ কৰে। অনুষ্ঠানত দেশৰ বাবে প্ৰাণ আহুতি দিয়া ছগৰাকী বীৰ ছদিহৰ পৰিয়ালক বিশেষভাৱে সন্মানিত কৰা হয়। উল্লেখযোগ্য যে ৰাজ্যখনৰ মুঠ ১০৪ গৰাকী জোৱানে এতিয়ালৈকে দেশৰ বাবে প্রাণ বিসর্জন দিছে।

January 10, 2026 7:03 PM

views 51

দেশৰ চহকী পৰম্পৰাত স্বাস্থ্যৰ ক্ষেত্ৰত সদায় সর্বাধিক গুৰুত্ব আৰোপ কৰা হৈছে বুলি ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচাৰ্য্যৰ প্রকাশ

দেশৰ চহকী পৰম্পৰাত স্বাস্থ্যৰ ক্ষেত্ৰত সদায় সর্বাধিক গুৰুত্ব আৰোপ কৰা হৈছে বুলি ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচাৰ্য্যই প্রকাশ কৰিছে। গুৱাহাটীত আজি দ্বিতীয় উত্তৰ পূব স্বাস্থ্য যতন ব্যৱস্থাপনা সম্মিলন মুকলি কৰি ৰাজ্যপালগৰাকীয়ে কয়, যে সুস্থ ব্যক্তিয়েহে সুস্থ সমাজৰ ভেটি গঢ়ে আৰু সমাজ সুস্থ হ'লে ৰাষ্টও সুস্থ হয়। তেওঁ কয়, যে স্বাস্থ্য যতনৰ পৰিসৰ ৰোগ চিনাক্তকৰণ আৰু চিকিৎসাৰ পৰিধিতকৈ অধিক ব্যাপক। এয়া জনসাধাৰণৰ মৰ্য্যাদা সুৰক্ষিত কৰা আৰু ৰাষ্ট্ৰৰ সাংবিধানিক দায়িত্ব পূৰণ কৰাৰ গুৰুত্বপূৰ্ণ ব্যবস্থা বুলি তেওঁ মন্...

January 8, 2026 7:38 PM

views 77

জাগীৰোডত কেইবাটাও কার্যসূচীত অংশগ্ৰহণ ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচাৰ্যৰ

ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচাৰ্যই আজি জাগীৰোডত কেইবাটাও কার্যসূচীত অংশগ্ৰহণ কৰে। ৰাজ্যপালগৰাকীয়ে জাগীৰোড সমজিলাৰ অন্তৰ্গত কুমৈ আঞ্চলিক মাধ্যমিক বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে মত বিনিময় কৰি মধ্যাহ্ন ভোজন কৰে। শ্রীআচাৰ্যই ইয়াৰ পূৰ্বে ছাত্ৰ-ছাত্ৰীসকলৰ বাবে চৰকাৰে আগবঢ়োৱা চাইকেল বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। তেওঁ ছাত্র-ছাত্ৰীসকলক অধ্যয়নৰ প্ৰতি আগ্ৰহী হোৱাৰ লগতে আধ্যাত্মিক চিন্তা-চৰ্চাৰে ভৱিষ্যতৰ সুনাগৰিক হ'বলৈ উৎসাহিত কৰে। ৰাজ্যপালগৰাকীয়ে ঝাৰগাঁৱত এটা কাৰ্যসূচীত অংশ লৈ যক্ষ্মা ৰোগীসকলৰ মাজত খাদ্যৰ ...

April 8, 2024 7:59 PM

views 78

ৰবীন্দ্ৰ নাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ প্ৰথম দিক্ষান্ত সমাৰোহত ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়াৰ অংশগ্ৰহণ

ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়াই আজি হোজাইৰ ৰবীন্দ্ৰ নাথ ঠাকুৰ বিশ্ববিদ্যালয়ত প্ৰথম দিক্ষান্ত সমাৰোহত অংশগ্ৰহণ কৰে। সমাৰোহত বিশ্ববিদ্যালয়খনৰ স্নাতকোত্তৰ পৰ্যায়ৰ ৫৪৫ গৰাকী শিক্ষার্থীক প্ৰমাণপত্ৰ প্ৰদান কৰা হয়। ৰাজ্যপালগৰাকীৰ লগতে বিশ্ববিদ্যালয়খনৰ উপাচায্য সহ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে এই সমাৰোহত অংশগ্ৰহণ কৰে।