দেশৰ চহকী পৰম্পৰাত স্বাস্থ্যৰ ক্ষেত্ৰত সদায় সর্বাধিক গুৰুত্ব আৰোপ কৰা হৈছে বুলি ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচাৰ্য্যই প্রকাশ কৰিছে। গুৱাহাটীত আজি দ্বিতীয় উত্তৰ পূব স্বাস্থ্য যতন ব্যৱস্থাপনা সম্মিলন মুকলি কৰি ৰাজ্যপালগৰাকীয়ে কয়, যে সুস্থ ব্যক্তিয়েহে সুস্থ সমাজৰ ভেটি গঢ়ে আৰু সমাজ সুস্থ হ’লে ৰাষ্টও সুস্থ হয়। তেওঁ কয়, যে স্বাস্থ্য যতনৰ পৰিসৰ ৰোগ চিনাক্তকৰণ আৰু চিকিৎসাৰ পৰিধিতকৈ অধিক ব্যাপক। এয়া জনসাধাৰণৰ মৰ্য্যাদা সুৰক্ষিত কৰা আৰু ৰাষ্ট্ৰৰ সাংবিধানিক দায়িত্ব পূৰণ কৰাৰ গুৰুত্বপূৰ্ণ ব্যবস্থা বুলি তেওঁ মন্তব্য কৰে। ৰাজ্যপালগৰাকীয়ে কয়, যে ফলপ্রসূ স্বাস্থ্য সেবা ব্যবস্থাত সকলো নাগৰিকৰ বাবে গুণগত সেবা সহজলভ্য, আৰু বহনসাধ্য হ’ব লাগে। জটিল ভৌগলিক অবস্থা আৰু সাংস্কৃতিক বিবিধতাৰ দৰে উত্তৰ পূৰ্বাঞ্চলৰ সুকীয়া প্ৰত্যাহ্বানৰ বিষয়ে আলোকপাত কৰি ৰাজ্যপাল আচাৰ্য্যই অঞ্চলটোত স্বাস্থ্য সেবা প্রদান ব্যবস্থা সুদৃঢ় কৰাৰ আৱশ্যকতাৰ কথা উল্লেখ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দৃষ্টিভংগীৰ কথা উল্লেখ কৰি ৰাজ্যপালগৰাকীয়ে কয়, যে সুস্থ নাগৰিকসকল এখন আত্ম-নিৰ্ভৰশীল আৰু সৱল ৰাষ্ট্ৰৰ ভেটিস্বৰূপ। আয়ুষ্মান ভাৰত, স্বাস্থ্য আৰু কল্যাণ কেন্দ্র, আয়ুষ্মান ভাৰত ডিজিটেল অভিযান আৰু ই-সঞ্জীৱনীৰ মাধ্যমেৰে দূৰ সংযোগ ব্যৱস্থাৰে চিকিৎসা প্ৰদানৰ সুবিধাৰ ফলত সকলো ঠাইতে, বিশেষকৈ দুর্গম অঞ্চলসমূহত স্বাস্থ্য সেবা সহজলভ্য হৈ উঠিছে বুলি তেওঁ মন্তব্য কৰে।
Assamese | January 10, 2026 7:03 PM | Governor
দেশৰ চহকী পৰম্পৰাত স্বাস্থ্যৰ ক্ষেত্ৰত সদায় সর্বাধিক গুৰুত্ব আৰোপ কৰা হৈছে বুলি ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচাৰ্য্যৰ প্রকাশ