শিৱসাগৰৰ জিলা আযুক্তৰ কাৰ্যালয়ত আজি শাৰদীয় দুর্গোৎসৱৰ প্ৰস্তুতি সম্পৰ্কত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। পূজাৰ সময়ত দৰ্শনাৰ্থীৰ সুৰক্ষা, পূজা উদযাপনৰ বাবে প্ৰয়োজনীয় অনুমতি, যান-বাহনৰ নিয়মাৱলী, প্রতিমা বিসর্জনকে ধৰি কেইবাটাও বিষয়ক লৈ বৈঠকত আলোচনা কৰা হয়। পূজা সমিতি সমূহক এই বৈঠকত জিলা প্ৰশাসনৰ নিয়মাৱলী সম্পৰ্কে অৱগত কৰা হয়। জিলা প্রশাসনে প্রতিখন পূজা মণ্ডপত চি চি টিভিৰ ব্যৱস্থা কৰিবলৈ সমিতি সমূহক নিৰ্দেশ দিয়ে। ইয়াৰ লগতে পূজা সমিতি সমূহক পৰিস্কাৰ-পৰিচ্ছন্নতা আৰু পৰ্য্যাপ্ত পোহৰৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনায়।
Assamese | September 5, 2025 7:33 PM | Akashvani | Akashvani Guwahati | Local news | Sivasagar
শাৰদীয় দুর্গোৎসৱৰ প্ৰস্তুতি সম্পৰ্কত শিৱসাগৰৰ জিলা আযুক্তৰ কাৰ্যালয়ত গুৰুত্বপূৰ্ণ বৈঠক