■ সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে কৈছে যে, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত উত্তৰ-পূৰ্বাঞ্চল দ্ৰুতগতিত উন্নয়নৰ পথেৰে ধাৱিত হৈছে। এটা সংবাদ প্ৰতিষ্ঠানৰ সৈতে হোৱা সাক্ষাৎকাৰত মন্ত্ৰীগৰাকীয়ে কয় যে, মণিপুৰৰ কিছু সংখ্যক ঘটনাৰ বাহিৰে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলতে বৰ্তমান শান্তি বিৰাজ কৰিছে। কংগ্ৰেছ দলক সমালোচনা কৰি তেওঁ কয় যে, দলটোৱে অঞ্চলটোৰ বিকাশৰ বাবে কোনো ধৰণৰ গঠনমূলক কাম কৰা নাই। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পাছত ১০ হাজাৰতকৈ অধিক উগ্রপন্থীয়ে অস্ত্রসহ আত্মসমৰ্পন কৰি মূল সূঁতিলৈ উভতি আহিছে বুলিও তেওঁ মত প্ৰকাশ কৰে।
Assamese | October 7, 2024 11:16 AM | India Govt. | Kiren Rijiju | North East | PM Modi
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত উত্তৰ-পূৰ্বাঞ্চল দ্ৰুতগতিত উন্নয়নৰ পথেৰে ধাৱিত হৈছে: কিৰেণ ৰিজিজু