● চলিত বিত্তীয় বৰ্ষত দেশৰ প্ৰত্যক্ষ কৰ সংগ্ৰহ ৬.৩৩ শতাংশ বৃদ্ধি হৈ ১১ লাখ ৮৯ হাজাৰ কোটিতকৈও অধিক হৈছে। আয়কৰ বিভাগে প্ৰকাশ কৰে যে চলিত বৰ্ষৰ পহিলা এপ্ৰিলৰ পৰা ১২ অক্টোবৰলৈকে ৫ লাখ দুহেজাৰ কোটি সংগ্ৰহ হৈছিল। বিগত বৰ্ষত এই সময়ছোৱাত সংগৃহীত কৰৰ পৰিমাণ আছিল ৪ লাখ ৯২ হাজাৰ কোটি টকা। চলিত বৰ্ষত ন’ন কৰ্পৰেট কৰ ৬ লাখ ৫৬ হাজাৰ কোটি টকা হৈছে। ২০২৪ চনত এই একেই সময়ছোৱাত ন’ন কৰ্পৰেট কৰ সংগ্ৰহৰ পৰিমাণ আছিল ৫ লাখ ৯৪ হাজাৰ কোটি টকা। ছিকিউৰিটী লেনদেন কৰ ৩০ হাজাৰ ৪৭৮ কোটি টকা সংগ্ৰহ হোৱাৰ বিপৰীতে বিগত বৰ্ষত এই সময়ছোৱাত সংগৃহীত ধনৰ পৰিমাণ আছিল ৩০ হাজাৰ ৬৩০ কোটি টকা। প্ৰথম অৱস্থাত প্ৰত্যক্ষ কৰ সংগ্ৰহ ১৩ লাখ ৯২ হাজাৰ কোটিৰো অধিক হৈছিল। বিগত বৰ্ষৰ তুলনাত এই হাৰ ২ দশমিক ৩ শতাংশ বৃদ্ধি হৈছে। অৱশ্যে ৰিফাণ্ড ইচ্ছ্যু ১৬ শতাংশ হ্রাস পাই ২ লাখ ৩ হাজাৰ কোটি টকা হৈছে।
Assamese | October 14, 2025 11:46 AM | Akashvani | Akashvani News | Economy | Income Tax | India Govt.
চলিত বিত্তীয় বৰ্ষত দেশৰ প্ৰত্যক্ষ কৰ সংগ্ৰহ ৬.৩৩ শতাংশ বৃদ্ধি