September 7, 2026 12:31 PM

views 8

ৰাজ্য চৰকাৰে চলিত বৰ্ষত ৰাজ্যত কৰ সংগ্ৰহ প্ৰক্ৰিয়া উন্নত আৰু ফলপ্ৰসূ কৰাৰ চেষ্টা কৰিছে

ৰাজ্য চৰকাৰে চলিত বৰ্ষত ৰাজ্যত কৰ সংগ্ৰহ প্ৰক্ৰিয়া উন্নত আৰু ফলপ্ৰসূ কৰাৰ চেষ্টা কৰিছে। এই উপলক্ষে কালি বিত্ত, বন আৰু পৰিৱেশ, খনি আৰু খনিজ পদার্থ বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কৰ আয়ুক্ত আৰু বিভাগীয় বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্যৰ আন্তঃগাঁথনি তথা জনকল্যাণমূলক কাম-কাজসমূহ ত্বৰান্বিত কৰাৰ বাবে ৰাজ্য চৰকাৰে স্বচ্ছ আৰু আধুনিক কৰ ব্যৱস্থা নিশ্চিত কৰাৰ ওপৰত গুৰুত্ব দিছে।

October 14, 2025 11:46 AM

views 87

চলিত বিত্তীয় বৰ্ষত দেশৰ প্ৰত্যক্ষ কৰ সংগ্ৰহ ৬.৩৩ শতাংশ বৃদ্ধি

● চলিত বিত্তীয় বৰ্ষত দেশৰ প্ৰত্যক্ষ কৰ সংগ্ৰহ ৬.৩৩ শতাংশ বৃদ্ধি হৈ ১১ লাখ ৮৯ হাজাৰ কোটিতকৈও অধিক হৈছে। আয়কৰ বিভাগে প্ৰকাশ কৰে যে চলিত বৰ্ষৰ পহিলা এপ্ৰিলৰ পৰা ১২ অক্টোবৰলৈকে ৫ লাখ দুহেজাৰ কোটি সংগ্ৰহ হৈছিল। বিগত বৰ্ষত এই সময়ছোৱাত সংগৃহীত কৰৰ পৰিমাণ আছিল ৪ লাখ ৯২ হাজাৰ কোটি টকা। চলিত বৰ্ষত ন’ন কৰ্পৰেট কৰ ৬ লাখ ৫৬ হাজাৰ কোটি টকা হৈছে। ২০২৪ চনত এই একেই সময়ছোৱাত ন’ন কৰ্পৰেট কৰ সংগ্ৰহৰ পৰিমাণ আছিল ৫ লাখ ৯৪ হাজাৰ কোটি টকা। ছিকিউৰিটী লেনদেন কৰ ৩০ হাজাৰ ৪৭৮ কোটি টকা সংগ্ৰহ হোৱাৰ বিপৰীতে বিগত বৰ্ষত এই...

October 10, 2025 1:42 PM

views 94

শ্যামকানু মহন্তৰ বিৰুদ্ধে আয়কৰ বিভাগৰ গোচৰ ৰুজু

■ জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত নাম সাঙুৰ খোৱাৰ পাছত এইবাৰ শ্যামকানু মহন্তৰ বিৰুদ্ধে বিত্তীয় অনিয়মৰ অভিযোগত বিধিবলৱৎকাৰী সঞ্চালকালয় আৰু আয়কৰ বিভাগে গোচৰ ৰুজু কৰিছে। ইয়াৰ পূৰ্বে চি আই ডিয়ে বিত্তীয় অনিয়মৰ অভিযোগত গোচৰ ৰুজু কৰি মহন্তৰ বিৰুদ্ধে তদন্ত চলাই আছে। উল্লেখযোগ্য যে, জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত শ্যামকানু মহন্তৰ বাসগৃহত চি আই ডিয়ে চলোৱা অভিযানত ২৮ টাকৈ চৰকাৰী-বেচৰকাৰী বিভাগ তথা বিষয়াৰ ছীল-মোহৰৰ লগতে বিত্তীয় জালিয়াতিৰ বহু নথিপত্ৰ উদ্ধাৰ কৰা হৈছিল। ইয়াৰ পৰিপ্ৰেক্ষিততে তেওঁ বৰ...

November 17, 2024 11:28 AM

views 67

বিদেশৰ পৰা আয় কৰা নাগৰিকৰ বাবে আয়কৰ পৰিশোধৰ অন্তিম দিন ৩১ ডিচেম্বৰ

আয়কৰ বিভাগে বিগত বিত্তীয় বৰ্ষত বিদেশৰ পৰা আয় কৰা বা বিদেশী সম্পত্তি আহৰণ কৰা ভাৰতীয় কৰ দাতা নাগৰিকৰ বাবে আয়কৰ পৰিশোধৰ অন্তিম দিন অহা ৩১ ডিচেম্বৰ ধাৰ্য্য কৰা হৈছে। বিদেশত বেংক একাউণ্ট, অস্থাৱৰ সম্পত্তি আদি থকা ভাৰতীয় কৰদাতা নাগৰিকে আয় কৰৰ আওতাত নপৰিলেও আয়কৰৰ নির্দিষ্ট প্ৰ-পত্ৰ পূৰণ কৰি জমা দিব লাগিব।

August 13, 2024 1:35 PM

views 53

পহিলা এপ্ৰিলৰ পৰা ১১ আগষ্ট পর্যন্ত মুঠ প্ৰত্যক্ষ কৰ সংগ্ৰহৰ পৰিমাণ ২৩.৯৯ শতাংশ বৃদ্ধি

পহিলা এপ্ৰিলৰ পৰা ১১ আগষ্ট পর্যন্ত মুঠ প্ৰত্যক্ষ কৰ সংগ্ৰহৰ পৰিমাণ যোৱা বছৰৰ একে সময়ছোৱাৰ তুলনাত ২৩.৯৯ শতাংশ বৃদ্ধি হৈ ৮ লাখ ১৩ হাজাৰ কোটি টকা হৈছে। আয়কৰ বিভাগে প্ৰকাশ কৰা অনুসৰি যোৱা বছৰৰ এই একে সময়ছোৱাত মুঠ প্ৰত্যক্ষ কৰ সংগ্ৰহৰ পৰিমাণ আছিল ৬ লাখ ৫৫ হাজাৰ কোটি টকা।

July 14, 2024 1:10 PM

views 175

২০২৪-২৫ বিত্তীয় বৰ্ষৰ বাবে প্ৰত্যক্ষ কৰ হিচাপে ৬ লাখ ৪৫ হাজাৰ কোটি টকাতকৈ অধিক ধন সংগ্ৰহ

আয়কৰ বিভাগে ২০২৪-২৫ বিত্তীয় বৰ্ষৰ বাবে প্ৰত্যক্ষ কৰ হিচাপে ৬ লাখ ৪৫ হাজাৰ কোটি টকাতকৈ অধিক ধন সংগ্ৰহ কৰাৰ লগতে চলিত মাহৰ এঘাৰ তাৰিখলৈকে ৭০,৯০২ কোটি টকা ঘুৰাই দিছে। এই সম্পৰ্কত আয়কৰ বিভাগে প্ৰকাশ কৰা তথ্যত মুঠ সংগ্ৰহৰ প্ৰায় ২ লাখ ৬৫ হাজাৰ টকা কৰ্পৰেট কৰ, ৩ লাখ ৬১ হাজাৰ টকা ব্যক্তিগত আয়কৰ আৰু ১,৪২৪ কোটি টকা অন্যান্য শিতানত সংগ্ৰহ কৰা হৈছে। উল্লেখযোগ্য যে প্রত্যক্ষ কৰ সংগ্ৰহত চলিত বিত্তীয় বৰ্ষত পূৰ্বৰ তুলনাত প্ৰায় ২০ শতাংশ বৃদ্ধি পাইছে। ইয়াৰ পৰিমাণ ৫ লাখ ৭৪ হাজাৰ কোটি টকাৰ অধিক। বিগত বিত্তী...

May 31, 2024 6:34 PM

views 70

লোকসভা নিৰ্বাচনৰ সময়ছোৱাত বৰ্তমানলৈ আয়কৰ বিভাগে ১,১০০ কোটি টকা নগদ ধন আৰু আ-অলংকাৰ জব্দ কৰিছে

আয়কৰ বিভাগে সাম্প্রতিক লোকসভা নিৰ্বাচনৰ সময়ছোৱাত বৰ্তমানলৈ অভিলেখ পৰিমাণৰ নগদ ধন ১,১০০ কোটি টকা আৰু আ-অলংকাৰ জব্দ কৰিছে। চৰকাৰী সূত্ৰই প্ৰকাশ কৰা মতে ২০১৯ চনৰ সাধাৰণ নিৰ্বাচনৰ সময়ৰ তুলনাত এই পৰিমাণ ১৮২ শতাংশ অধিক। বিভাগীয় তথ্য অনুসৰি পূৰ্বৰ নিৰ্বাচনটোৰ সময়ত জব্দ কৰা নগদ ধনৰ পৰিমাণ আছিল ৩৯০ কোটি টকা।

May 2, 2024 11:19 AM

views 54

ৰাজ্যত এপ্ৰিল মাহত সামগ্ৰী আৰু সেৱা কৰ সংগ্ৰহৰ পৰিমাণ ১,৮৯৫ কোটি টকা হৈছে

◊ ৰাজ্যত এপ্ৰিলত সামগ্ৰী আৰু সেৱা কৰ সংগ্ৰহৰ পৰিমাণ ১,৮৯৫ কোটি টকা হৈছে। সমগ্ৰ দেশতে প্ৰথমবাৰৰ বাবে এটা মাহত জি এছ টি সংগ্ৰহৰ পৰিমাণ বৃদ্ধি হৈছে। বিত্ত মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য মতে ৰাজ্যত বিগত বৰ্ষৰ এপ্ৰিলত সংগ্ৰহ হোৱা ১,৫১৩ কোটি টকাৰ জি এছ টিৰ বিপৰীতে বিগত মাহত এই পৰিমাণ বৃদ্ধি হয়। সমগ্ৰ দেশৰ ভিতৰত এপ্ৰিলত ২৫ শতাংশ সামগ্ৰী আৰু সেৱাকৰ সংগ্ৰহেৰে অসম দ্বিতীয় স্থানত আছে। ৫২ শতাংশ সেৱাকৰ সংগ্ৰেহেৰে মিজোৰামে প্রথম স্থান অধিকাৰ কৰিছে। উল্লেখযোগ্য যে কেন্দ্রীয় বিত্ত মন্ত্রালয়ে দেশত এপ্ৰিলত ২ লাখ...

April 1, 2024 8:28 PM

views 64

চলিত বছৰৰ মাৰ্চত মুঠ সামগ্ৰী আৰু সেৱাকৰৰ ৰাজহ সংগ্ৰহ এতিয়ালৈ দ্বিতীয় সর্বাধিক হিচাপে পৰিগণিত

চলিত বছৰৰ মাৰ্চত মুঠ সামগ্ৰী আৰু সেৱাকৰৰ ৰাজহ সংগ্ৰহ এতিয়ালৈ দ্বিতীয় সর্বাধিক হিচাপে পৰিগণিত হৈছে। বছৰি ১১ শতাংশতকৈও অধিক বৃদ্ধি হৈ এইবেলি এই পৰিমাণ হৈছে, ১ লাখ ৭৮ হাজাৰ কোটি টকা। কেন্দ্রীয় বিত্ত মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা অনুসৰি, ১৭.৬ শতাংশ ঘৰুৱা লেন-দেনৰ জৰিয়তে জি এছ টি সংগ্রহত উল্লেখনীয় বৃদ্ধি হোৱাৰ ফলত এই অভিলেখ সৃষ্টি হৈছে। যোৱাটো বিত্তীয় বৰ্ষত মাহিলী সংগ্ৰহৰ পৰিমাণ আছিল গড়ে ১ লাখ ৬৮ হাজাৰ কোটি টকা। তাৰ পূৰ্বৰ বছৰৰ গড়ে ১ লাখ ৫০ হাজাৰ কোটি টকাতকৈ এই পৰিমাণ অধিক আছিল। মন্ত্ৰ্যালয়ে প্ৰক...