ৰাজ্য চৰকাৰে চলিত বৰ্ষত ৰাজ্যত কৰ সংগ্ৰহ প্ৰক্ৰিয়া উন্নত আৰু ফলপ্ৰসূ কৰাৰ চেষ্টা কৰিছে। এই উপলক্ষে কালি বিত্ত, বন আৰু পৰিৱেশ, খনি আৰু খনিজ পদার্থ বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কৰ আয়ুক্ত আৰু বিভাগীয় বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয়।
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্যৰ আন্তঃগাঁথনি তথা জনকল্যাণমূলক কাম-কাজসমূহ ত্বৰান্বিত কৰাৰ বাবে ৰাজ্য চৰকাৰে স্বচ্ছ আৰু আধুনিক কৰ ব্যৱস্থা নিশ্চিত কৰাৰ ওপৰত গুৰুত্ব দিছে।