■ জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত নাম সাঙুৰ খোৱাৰ পাছত এইবাৰ শ্যামকানু মহন্তৰ বিৰুদ্ধে বিত্তীয় অনিয়মৰ অভিযোগত বিধিবলৱৎকাৰী সঞ্চালকালয় আৰু আয়কৰ বিভাগে গোচৰ ৰুজু কৰিছে। ইয়াৰ পূৰ্বে চি আই ডিয়ে বিত্তীয় অনিয়মৰ অভিযোগত গোচৰ ৰুজু কৰি মহন্তৰ বিৰুদ্ধে তদন্ত চলাই আছে। উল্লেখযোগ্য যে, জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত শ্যামকানু মহন্তৰ বাসগৃহত চি আই ডিয়ে চলোৱা অভিযানত ২৮ টাকৈ চৰকাৰী-বেচৰকাৰী বিভাগ তথা বিষয়াৰ ছীল-মোহৰৰ লগতে বিত্তীয় জালিয়াতিৰ বহু নথিপত্ৰ উদ্ধাৰ কৰা হৈছিল। ইয়াৰ পৰিপ্ৰেক্ষিততে তেওঁ বৰ্তমান চি আই ডিৰ কাৰ্যালয়তে বিধিবলৱৎকাৰী সঞ্চালকালয়ৰ জেৰাৰ সন্মুখীন হৈছে। সঞ্চালকালয়ে মহন্তৰ নৰ্থ-ইষ্ট ফেষ্টিভেলৰ পুঁজিৰো হিচাপ ল’ব। ইতিমধ্যে তেওঁৰ ১২ টা বেংক একাউণ্টৰ লেনদেন অস্থায়ীভাৱে বন্ধ কৰি দিয়া হৈছে।
Assamese | October 10, 2025 1:42 PM | Akashvani | Akashvani News | BelovedZubeen | Income Tax | Justice for Zubeen Garg
শ্যামকানু মহন্তৰ বিৰুদ্ধে আয়কৰ বিভাগৰ গোচৰ ৰুজু