মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি ধুবুৰী জিলাৰ গোলকগঞ্জত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অন্তৰ্গত আত্মসহায়ক গোটৰ সদস্যসকলক চেক বিতৰণ কৰে। এই অভিযানৰ অধীনত আজি প্ৰথম কিস্তি হিচাপে ১০ হাজাৰ টকাকৈ বিতৰণ কৰা হয়। দ্বিতীয় কিস্তিত ২৫ হাজাৰ আৰু তৃতীয় কিস্তিত ৫০ হাজাৰ টকাকৈ বিতৰণ কৰা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে। অনুষ্ঠানত জিলাখনৰ অভিভাৱক মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে নিজৰ ভাষণত কয়, যে এই সুবিধা লাভ কৰিবলৈ হ’লে একোটা পৰিয়ালত সৰ্বাধিক দুটা সন্তান থাকিব লাগিব। ততোধিক সন্তান থকা দম্পত্তিয়ে এই সুবিধা লাভ কৰিব নোৱাৰিব। তদুপৰি গোলকগঞ্জত ৪হাজাৰ গৰাকী হিতাধিকাৰীক অৰুণোদয় আঁচনিৰে সামৰি লোৱা হ’ব বুলি তেওঁ উল্লেখ কৰে। অনুষ্ঠানত জিলাখনৰ আয়ুক্ত, পৌৰপতিৰ উপৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
Assamese | November 10, 2025 7:21 PM | Akashvani | Akashvani Guwahati | Chief Minister Dr Himanta Biswa Sarma | CMO Assam
গোলকগঞ্জত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অন্তৰ্গত আত্মসহায়ক গোটৰ সদস্যসকলক চেক বিতৰণ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ