পাকিস্তানৰ কাৰাগাৰত নাবালক পুত্ৰসহ ডেৰ বছৰে বন্দী হৈ থকা নগাঁৱৰ ৱাহিদা বেগম অৱশেষত কালি স্বদেশত উপস্থিত হ’ল। দিল্লীৰ আৰু সীমান্ত অঞ্চল পঞ্জাবত আইনী কামকাজ সম্পন্ন কৰাৰ পাছতে তেওঁ দুই-এদিনতে নগাঁৱৰ স্বগৃহত উপস্থিত হ’ব। মহিলাগৰাকীক ১১ বছৰীয়া পুত্ৰসহ পঞ্জাবৰ ৱাঘা সীমান্তত পাকিস্তান চৰকাৰে ভাৰতীয় কৰ্তৃপক্ষক হস্তান্তৰ কৰিছিল। উল্লেখ্য যে ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপতে ৱাহিদা বেগমে স্বদেশলৈ ঘূৰি আহিবলৈ সক্ষম হোৱা বুলি তেওঁৰ মাতৃয়ে জানিবলৈ দিছে।
Assamese | May 30, 2024 2:18 PM | Akashvani | Akashvani News | Guwahati
পাকিস্তানৰ কাৰাগাৰত বন্দী হৈ থকা নগাঁৱৰ ৱাহিদা বেগম অৱশেষত স্বদেশত উপস্থিত