June 12, 2026 11:29 AM

views 21

অহা ৫ বছৰত ৪০ শতাংশ নিযুক্তি শিক্ষা খণ্ডত হ’ব বুলি শিক্ষামন্ত্রীৰ প্ৰকাশ

নির্বাচনী প্রতিশ্রুতি অনুসৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে অহা ৫ বছৰত প্ৰদান কৰিবলগীয়া ২ লাখ নিযুক্তিৰ ভিতৰত ৪০ শতাংশ নিযুক্তি শিক্ষা খণ্ডত হ'ব বুলি শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে প্ৰকাশ কৰিছে। মন্ত্ৰীগৰাকীয়ে কালি সংবাদ মাধ্যমৰ আগত কয়, যে অনাগত দিনত শিক্ষকতাৰ বাবে ডি এল এ, এড আৰু টেট পৰীক্ষাত উত্তীৰ্ণসকলৰ বাবে ভাল খবৰ আহি আছে। স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ বেগৰ ওজনক লৈ দীৰ্ঘদিনৰ পৰা চলি অহা আপত্তি-অভিযোগ সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয়, যে বিদ্যালয়ৰ শৈক্ষিক দিনপঞ্জী এনেদৰ...

January 22, 2026 7:39 PM

views 44

শিলচৰৰ গুৰুচৰণ বিশ্ববিদ্যালয়ত ৰবিজিৎ চৌধুৰীৰ সোঁৱৰণত এখন বক্তৃতানুষ্ঠান অনুষ্ঠিত

শিলচৰৰ গুৰুচৰণ বিশ্ববিদ্যালয়ত আজি সাংবাদিক, সমাজকর্মী ৰবিজিৎ চৌধুৰীৰ সোঁৱৰণত এখন বক্তৃতানুষ্ঠান অনুষ্ঠিত হয়। ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ তিনিটা ভাষা নীতি: পৰৱৰ্তী পদক্ষেপ শীর্ষক বিষয়বস্তুৰে অনুষ্ঠিত এই বক্তৃতা অনুষ্ঠানত শিক্ষামন্ত্রী ডা০ ৰণোজ পেণ্ড মুখ্য অতিথি হিচাপে উপস্থিত থাকে। বিশ্ববিদ্যালয়খনৰ উপাচার্য অধ্যাপক ড০ নিৰঞ্জন ৰায়ে এই বক্তৃতা অনুষ্ঠানৰ সভাপতিত্ব কৰে। অনুষ্ঠানৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শিক্ষামন্ত্ৰীগৰাকীয়ে বৰ্তমান শিক্ষা ব্যৱস্থাত দুটা ভাষাৰ নীতিহে থকাৰ কথা উল্লেখ কৰে। বিভিন্ন...

July 4, 2025 6:51 PM

views 49

গণিত বিষয়ৰ স্নাতক শিক্ষক পদৰ বাবে পদাৰ্থ, ৰসায়ন অথবা জীৱ বিজ্ঞানৰ যিকোনো এটা বিষয়ৰ সাধাৰণ স্নাতক হ’লেই হ’ব বুলি শিক্ষামন্ত্ৰীৰ ঘোষণা

গণিত বিষয়ৰ স্নাতক শিক্ষক পদৰ বাবে পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান অথবা জীৱ বিজ্ঞানৰ ভিতৰত যিকোনো এটা বিষয়ৰ সাধাৰণ স্নাতক হ'লেই হ'ব বুলি বিদ্যালয় শিক্ষা বিভাগে স্পষ্ট কৰি দিছে। শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে সমগ্ৰ বিষয়টোক লৈ বিদ্যালয় শিক্ষা বিভাগৰ আয়ুক্ত সচিবলৈ পত্ৰ প্ৰেৰণৰ পাছতে বিভাগে পাছকোৰ্চৰ বিভ্ৰান্তি আঁতৰাই এই নিৰ্দেশনা জাৰি কৰে। ৰাজ্যৰ ছটাকৈ মণ্ডলত চলি থকা বিভিন্ন বিষয়ৰ স্নাতক শিক্ষক পদৰ নথি পৰীক্ষণ প্ৰক্ৰিয়াত গণিত বিষয়ৰ স্নাতক শিক্ষক পদৰ প্ৰাৰ্থীসকলৰ অৰ্হতাক লৈ বিভ্ৰান্তিৰ সৃষ্টি ...

July 2, 2025 8:27 PM

views 41

গ্রীষ্মবন্ধত কোনো ধৰণৰ বাধ্যতামূলক শ্ৰেণীৰ বাবে নির্দেশনা জাৰি কৰা নাই বুলি শিক্ষামন্ত্ৰীৰ প্ৰকাশ

গ্রীষ্মবন্ধৰ সময়ত কোনো ধৰণৰ বাধ্যতামূলক শ্ৰেণীৰ বাবে বিদ্যালয় শিক্ষা বিভাগ বা সমগ্র শিক্ষা অভিযানে কোনো নির্দেশনা জাৰি কৰা নাই বুলি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে প্ৰকাশ কৰিছে। তেওঁ অৱশ্যে বিদ্যালয় পৰিচালনা সমিতি আৰু বিদ্যালয় পৰিচালনা তথা উন্নয়ন সমিতিক গ্রীষ্মকালিন বন্ধৰ সময়ত স্বেচ্ছাই আগ্রহী শিক্ষকৰ জৰিয়তে পৰিপূৰক শ্ৰেণীৰ পাঠদান আৰু বিনোদনমূলক সহ পাঠ্যক্ৰমৰ কাৰ্যকলাপ অনুষ্ঠিত কৰিবলৈ পৰামৰ্শ দিয়া হৈছে বুলি জানিবলৈ দিয়ে। পূর্বেও বিদ্যালয়সমূহে এনে ধৰণৰ পদক্ষেপ গ্ৰহণ কৰি আহিছে বুলিও মন্ত্ৰ...

June 30, 2025 12:27 PM

views 52

ৰাজ্যৰ শিক্ষাবৰ্ষৰ সাল-সলনিৰ বাবে কৃষ্ণা বৰুৱাৰ অধ্যক্ষতাত নতুন উচ্চস্তৰীয় কমিটি গঠন

 ৰাজ্যৰ শিক্ষাবৰ্ষৰ সাল-সলনিৰ বাবে শিক্ষা বিভাগে অতিৰিক্ত সচিব কৃষ্ণা বৰুৱাৰ অধ্যক্ষতাত এখন নতুন উচ্চস্তৰীয় কমিটি গঠন কৰিছে। উল্লেখযোগ্য যে ক’ভিড মহামাৰীৰ সময়তে বিগত ২০২১ বৰ্ষৰ পৰা ৰাজ্যৰ শিক্ষাবর্ষ সলনি কৰা হৈছিল। পূৰ্বতে ১ জানুৱাৰীৰ পৰা ৩১ ডিচেম্বৰলৈকে শিক্ষাবর্ষ আছিল যদিও ২০২১ বৰ্ষৰ পৰা ১ এপ্ৰিলৰ পৰা ৩১ মাৰ্চলৈ শিক্ষাবর্ষ সলনি কৰা হৈছিল। ইয়াৰ পাছত বিভিন্ন দল-সংগঠনে ৰাজ্যৰ শিক্ষাবর্ষ পূৰ্বৰ দৰেই বাহাল ৰাখিবলৈ চৰকাৰক দাবী জনাই অহাৰ পৰিপ্ৰেক্ষিতত এই বিষয়টো অধ্যয়নৰ বাবে ৰাজ্য চৰকাৰে এই উচ্চস...

June 14, 2025 6:18 PM

views 49

ধেমাজি চিটী কলেজৰ প্ৰেক্ষাগৃহত সংশোধিত আইন ব্যৱস্থা সম্পৰ্কীয় কর্মশালা উদ্বোধন ডাঃ ৰণোজ পেগুৰ

ৰাজ্য চৰকাৰৰ শিক্ষা, ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণী কল্যাণ বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি ধেমাজি চিটী কলেজৰ প্ৰেক্ষাগৃহত আয়োজিত সংশোধিত আইন ব্যৱস্থা সম্পৰ্কীয় এখন গুৰুত্বপূৰ্ণ কর্মশালা উদ্বোধন কৰে। ধেমাজি জিলা সাংবাদিক সংস্থাৰ উদ্যোগত ধেমাজি চিটী কলেজৰ আতিথ্যত আয়োজিত কর্মশালাখনত সংশোধিত আইন ব্যৱস্থাৰ ভাৰতীয় ন্যায় সংহিতা, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আৰু ভাৰতীয় সাক্ষ্য অধিনিয়মৰ সন্দৰ্ভত আলোচনা হয়। কর্মশালাখনে জিলাখনত আইনী সজাগতাৰ ক্ষেত্ৰত সহায়ক হ'ব বুলি মন্ত্ৰীগৰাকীয়ে আশা প্রকাশ ক...

June 7, 2025 7:13 PM

views 55

ধেমাজী জিলাৰ জীয়াঢলৰ নৱনিৰ্মিত মথাউৰিটো পৰিদৰ্শন ডাঃ ৰণোজ পেগুৰ

শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে আজি জিঅ' টেক্সটাইল প্রযুক্তিৰে নিৰ্মাণ কৰা ধেমাজী জিলাৰ জীয়াঢলৰ নৱনিৰ্মিত মথাউৰিটো পৰিদৰ্শন কৰে। ধেমাজী, চমৰাজান, জীয়াঢল, হাতীগড়, বাটঘৰীয়া আদি কেইবাটাও পঞ্চায়ত আৰু ধেমাজী নগৰৰ সুৰক্ষাৰ বাবে নিৰ্মাণ কৰা জীয়াঢলৰ নৱ নিৰ্মিত মথাউৰিটো পৰিদৰ্শন কৰি ডাঃ পেগুৱে মথাউৰিটোৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে নৈৰ জলস্তৰ বৃদ্ধিৰ পূৰ্বেই যাৱতীয় ব্যৱস্থা লবলৈ জলসম্পদ বিভাগৰ বিষয়াসকলক নির্দেশ দিয়ে। মন্ত্ৰীগৰাকীয়ে জলসম্পদ বিভাগৰ বিষয়া কৰ্মচাৰীৰ সৈতে বৰ্মন গাঁৱৰ পৰা ৰাষ্ট্ৰীয় ঘাইপ...

May 27, 2025 6:29 PM

গুৱাহাটী বিশ্ববিদ্যালয়ত বিদ্যালয় প্ৰশাসন আৰু বিত্তীয় ব্যৱস্থাপনা সন্দৰ্ভত কাৰ্যসূচীত ডাঃ ৰণোজ পেগুৰ অংশগ্ৰহণ

শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি গুৱাহাটী বিশ্ববিদ্যালয়ত ৰাজ্যৰ আদৰ্শ  বিদ্যালয়সমূহৰ অধ্যক্ষ তথা শিক্ষক শিক্ষয়িত্ৰীসকলৰ বাবে বিদ্যালয় প্ৰশাসন আৰু বিত্তীয় ব্যৱস্থাপনা সন্দৰ্ভত কাৰ্যসূচীত অংশগ্ৰহণ কৰে। ডাঃ পেগুৱে কয় যে, এই কাৰ্যসূচীয়ে বিত্তীয় সম্পদ ব্যৱস্থাপনা, সাংগঠনিক দক্ষতা, পৰিকল্পনা প্ৰস্তুত আদিকে ধৰি বিদ্যালয় পৰিচালনাৰ দিশত প্ৰয়োজনীয় জ্ঞান আৰু দক্ষতাৰে শিক্ষক-শিক্ষয়িত্ৰীসকলক সমৃদ্ধ কৰিব। তদুপৰি আদৰ্শ বিদ্যালয়সমূহৰ সামগ্ৰিক কাৰ্যক্ষমতা বৃদ্ধিতো এই কাৰ্যসূচীয়ে অৰিহণা যোগাব বুলি শিক্ষামন্ত্ৰীগ...

May 13, 2025 12:30 PM

views 40

চলিত বৰ্ষৰ পৰাই ৰাজ্যৰ ১০ খন আদৰ্শ মহাবিদ্যালয়ত নামভৰ্তি প্ৰক্ৰিয়া আৰম্ভ

চলিত বৰ্ষৰ পৰাই ৰাজ্যৰ ১০ খন আদৰ্শ মহাবিদ্যালয়ত নামভৰ্তি প্ৰক্ৰিয়া আৰম্ভ কৰা হ'ব। শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে সামাজিক মাধ্যমৰ জৰিয়তে কালি এই কথা প্রকাশ কৰে। এই অনুসৰি ২০২৫-২৬ শৈক্ষিক বর্ষত হাইলাকান্দি আদর্শ মহাবিদ্যালয়, ওদালগুৰি হৰিশিঙাৰ চৰকাৰী আদর্শ মহাবিদ্যালয়, চিৰাং, মাজুলী, শোণিতপুৰৰ বৰছলা, মঙলদৈ, গোলকগঞ্জ, ধুবুৰীৰ মাজৰ আলগা, লাহৰিঘাট আৰু চামগুৰিৰ চৰকাৰী আদৰ্শ মহাবিদ্যালয়ত পাঠদান আৰম্ভ হ'ব। শিক্ষাৰ্থীসকলে এই মহাবিদ্যালয়সমূহত পাঁচটা বিষয়ত অধ্যয়নৰ সুযোগ লাভ কৰিব। এই অনুসৰি হাইলাকান্...

May 6, 2025 6:41 PM

views 53

ধেমাজি জিলাৰ ক্ৰিকেট এছোচিয়েচনৰ সভাপতিৰ দায়িত্বভাৰ গ্ৰহণ ডাঃ ৰণোজ পেগুৰ

শিক্ষা, ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণীৰ কল্যাণ বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি ধেমাজি জিলাৰ ক্ৰিকেট এছোচিয়েচনৰ সভাপতিৰ দায়িত্বভাৰ গ্ৰহণ কৰে। ধেমাজি খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ সভাগৃহত আয়োজিত এখন সভাত ডাঃ পেগুৱে দায়িত্বভাৰ গ্ৰহণ কৰি জিলাখনত ক্রিকেট খেলৰ আন্তঃগাঁথনি উন্নয়ন, খেলুৱৈক উপযুক্ত প্ৰশিক্ষণ তথা উৎকর্ষতা বৃদ্ধিৰ উদ্দেশ্যে জিলাখনত সঘনাই ক্রিকেট প্রতিযোগিতা অনুষ্ঠিত কৰাৰ পোষকতা কৰে। তেওঁ ধেমাজি ক্রিকেট এছোচিয়েচনৰ বিষয়ববীয়াসকলৰ লগতে উপস্থিত ৰাইজক জিলাখনত ক্ৰীড়াৰ বাবে উপযুক্ত ...