শিক্ষা, ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণীৰ কল্যাণ বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি ধেমাজি জিলাৰ ক্ৰিকেট এছোচিয়েচনৰ সভাপতিৰ দায়িত্বভাৰ গ্ৰহণ কৰে। ধেমাজি খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ সভাগৃহত আয়োজিত এখন সভাত ডাঃ পেগুৱে দায়িত্বভাৰ গ্ৰহণ কৰি জিলাখনত ক্রিকেট খেলৰ আন্তঃগাঁথনি উন্নয়ন, খেলুৱৈক উপযুক্ত প্ৰশিক্ষণ তথা উৎকর্ষতা বৃদ্ধিৰ উদ্দেশ্যে জিলাখনত সঘনাই ক্রিকেট প্রতিযোগিতা অনুষ্ঠিত কৰাৰ পোষকতা কৰে। তেওঁ ধেমাজি ক্রিকেট এছোচিয়েচনৰ বিষয়ববীয়াসকলৰ লগতে উপস্থিত ৰাইজক জিলাখনত ক্ৰীড়াৰ বাবে উপযুক্ত পৰিবেশ গঢ়ি তোলাৰ ক্ষেত্ৰত মনোনিবেশ কৰিবলৈ আহ্বান জনায়।
Assamese | May 6, 2025 6:41 PM | Ranuj pagu
ধেমাজি জিলাৰ ক্ৰিকেট এছোচিয়েচনৰ সভাপতিৰ দায়িত্বভাৰ গ্ৰহণ ডাঃ ৰণোজ পেগুৰ