ৰাজ্যৰ শিক্ষাবৰ্ষৰ সাল-সলনিৰ বাবে শিক্ষা বিভাগে অতিৰিক্ত সচিব কৃষ্ণা বৰুৱাৰ অধ্যক্ষতাত এখন নতুন উচ্চস্তৰীয় কমিটি গঠন কৰিছে। উল্লেখযোগ্য যে ক’ভিড মহামাৰীৰ সময়তে বিগত ২০২১ বৰ্ষৰ পৰা ৰাজ্যৰ শিক্ষাবর্ষ সলনি কৰা হৈছিল। পূৰ্বতে ১ জানুৱাৰীৰ পৰা ৩১ ডিচেম্বৰলৈকে শিক্ষাবর্ষ আছিল যদিও ২০২১ বৰ্ষৰ পৰা ১ এপ্ৰিলৰ পৰা ৩১ মাৰ্চলৈ শিক্ষাবর্ষ সলনি কৰা হৈছিল। ইয়াৰ পাছত বিভিন্ন দল-সংগঠনে ৰাজ্যৰ শিক্ষাবর্ষ পূৰ্বৰ দৰেই বাহাল ৰাখিবলৈ চৰকাৰক দাবী জনাই অহাৰ পৰিপ্ৰেক্ষিতত এই বিষয়টো অধ্যয়নৰ বাবে ৰাজ্য চৰকাৰে এই উচ্চস্তৰীয় কমিটীখন গঠন কৰিছে বুলি শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে প্ৰকাশ কৰিছে। কমিটীখনে প্রথম পৰ্যায়ত বিষয়টো আলোচনা কৰাৰ বাবে ৰাজ্যৰ ১০ গৰাকী শিক্ষাবিদক বাছনি কৰি তেওঁলোকৰ সৈতে আলোচনাত মিলিত হ’ব। দ্বিতীয় পর্যায়ত ছাত্র সংগঠনৰ নেতৃত্বৰ সৈতে এই সন্দৰ্ভত আলোচনা কৰাৰ বাবে অভিভাৱকসকলৰ সৈতে আলোচনাত মিলিত হ’ব। ইয়াৰ পাছত কমিটীখনে এই বিষয়ক এখন প্রতিবেদন শিক্ষা বিভাগক দাখিল কৰিব। এই প্রতিবেদনৰ ভিত্তিতেই শিক্ষাবর্ষ সলনি কৰা সন্দৰ্ভত ৰাজ্য চৰকাৰে চিন্তা-চৰ্চা কৰিব বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।
Assamese | June 30, 2025 12:27 PM | Ranuj pagu
ৰাজ্যৰ শিক্ষাবৰ্ষৰ সাল-সলনিৰ বাবে কৃষ্ণা বৰুৱাৰ অধ্যক্ষতাত নতুন উচ্চস্তৰীয় কমিটি গঠন