June 12, 2026 11:29 AM | Ranuj pagu

printer

অহা ৫ বছৰত ৪০ শতাংশ নিযুক্তি শিক্ষা খণ্ডত হ’ব বুলি শিক্ষামন্ত্রীৰ প্ৰকাশ

নির্বাচনী প্রতিশ্রুতি অনুসৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে অহা ৫ বছৰত প্ৰদান কৰিবলগীয়া ২ লাখ নিযুক্তিৰ ভিতৰত ৪০ শতাংশ নিযুক্তি শিক্ষা খণ্ডত হ’ব বুলি শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে প্ৰকাশ কৰিছে। মন্ত্ৰীগৰাকীয়ে কালি সংবাদ মাধ্যমৰ আগত কয়, যে অনাগত দিনত শিক্ষকতাৰ বাবে ডি এল এ, এড আৰু টেট পৰীক্ষাত উত্তীৰ্ণসকলৰ বাবে ভাল খবৰ আহি আছে।

স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ বেগৰ ওজনক লৈ দীৰ্ঘদিনৰ পৰা চলি অহা আপত্তি-অভিযোগ সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয়, যে বিদ্যালয়ৰ শৈক্ষিক দিনপঞ্জী এনেদৰে প্ৰস্তুত কৰা হয়, যাতে শিক্ষার্থীয়ে সকলোখিনি কিতাপ স্কুললৈ নিবলগীয়া নহয়। শৈক্ষিক দিনপঞ্জীখন প্ৰতিদিনে কম কিতাপ লৈ যোৱাৰ বিষয়টোত গুৰুত্ব আৰোপ কৰি প্ৰস্তুত কৰা হয় বুলি উল্লেখ কৰি তেওঁ কয়, যে বিদ্যার্থীয়ে প্রতিদিনে বেলেগ বেলেগ বিষয়ৰ পাঠ্যপুথি বিদ্যালয়লৈ নিব লাগে। তেওঁ কয়, যে শৈক্ষিক দিনপঞ্জী অনুসৰি যিকেইটা বিষয়ৰ পাঠদান থাকে, সেই কিতাপসমূহহে ছাত্ৰ-ছাত্ৰীয়ে নিব লাগে। শিক্ষাৰ্থীৰ বিদ্যালয়ৰ বেগৰ ওজনৰ ওপৰত নিৰ্ভৰ কৰিয়েই শৈক্ষিক দিনপঞ্জী প্ৰস্তুত কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে ।

শিক্ষামন্ত্ৰীগৰাকীয়ে লগতে ছাত্র-ছাত্রীসকলে বিদ্যালয়লৈ অহা-যোৱাৰ সুবিধাৰ বাবে এতিয়াৰেপৰা নৱম- দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ লগতে অষ্টম শ্ৰেণীৰ শিক্ষাৰ্থীকো একোখনকৈ চাইকেল প্ৰদান কৰা হ’ব বুলি ঘোষণা কৰে ।