চলিত বৰ্ষৰ পৰাই ৰাজ্যৰ ১০ খন আদৰ্শ মহাবিদ্যালয়ত নামভৰ্তি প্ৰক্ৰিয়া আৰম্ভ কৰা হ’ব। শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে সামাজিক মাধ্যমৰ জৰিয়তে কালি এই কথা প্রকাশ কৰে। এই অনুসৰি ২০২৫-২৬ শৈক্ষিক বর্ষত হাইলাকান্দি আদর্শ মহাবিদ্যালয়, ওদালগুৰি হৰিশিঙাৰ চৰকাৰী আদর্শ মহাবিদ্যালয়, চিৰাং, মাজুলী, শোণিতপুৰৰ বৰছলা, মঙলদৈ, গোলকগঞ্জ, ধুবুৰীৰ মাজৰ আলগা, লাহৰিঘাট আৰু চামগুৰিৰ চৰকাৰী আদৰ্শ মহাবিদ্যালয়ত পাঠদান আৰম্ভ হ’ব। শিক্ষাৰ্থীসকলে এই মহাবিদ্যালয়সমূহত পাঁচটা বিষয়ত অধ্যয়নৰ সুযোগ লাভ কৰিব। এই অনুসৰি হাইলাকান্দিত ইংৰাজী, বঙালী, হিন্দী, ভূগোল আৰু সমাজতত্ব বিষয়ত নামভৰ্তিৰ সুবিধা থাকিব। একেদৰে চিৰাঙত ইংৰাজী, অসমীয়া, বড়ো, গণসংযোগ আৰু ভূগোল বিষয়ত পাঠ্যক্ৰম আৰম্ভ কৰা হ’ব। মাজুলীত ইংৰাজী, অসমীয়া, মনোবিজ্ঞান, গণসংযোগ আৰু ভূগোল বিষয় সন্নিবিষ্ট কৰা হৈছে। বাকী মহাবিদ্যালয়সমূহতো এনেধৰণৰ পাঁচটা বিষয়ত পাঠদানৰ সুবিধা থাকিব বুলি শিক্ষামন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰিছে।
Assamese | May 13, 2025 12:30 PM | Ranuj pagu
চলিত বৰ্ষৰ পৰাই ৰাজ্যৰ ১০ খন আদৰ্শ মহাবিদ্যালয়ত নামভৰ্তি প্ৰক্ৰিয়া আৰম্ভ