April 12, 2025 12:51 PM
39
চাহ জনগোষ্ঠী আৰু অনুসূচীত জাতিৰ ছাত্ৰ-ছাত্ৰীসকলৰ ফলাফল আশানুৰূপ নোহোৱাক লৈ শিক্ষামন্ত্ৰীৰ উদ্বেগ প্রকাশ
শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে এই বছৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত চাহ জনগোষ্ঠী আৰু অনুসূচীত জাতিৰ ছাত্ৰ-ছাত্ৰীসকলৰ ফলাফল আশানুৰূপ নোহোৱাক লৈ উদ্বেগ প্রকাশ কৰিছে। ডাঃ পেগুৱে কালি এখন সংবাদমেলত অনাগত সময়ত এই দুই জাতি-জনগোষ্ঠীৰ ছাত্ৰ-ছাত্ৰীসকলৰ ফলাফল ভাল কৰিবলৈ শিক্ষা বিভাগে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব বুলি প্ৰকাশ কৰে। এইবাৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ছাত্ৰৰ তুলনাত ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ কিছু নিম্নগামী হোৱাৰ প্ৰতি লক্ষ্য ৰাখি শিক্ষামন্ত্ৰীগৰাকীয়ে বাণীকান্ত কাকতি বঁটা আৰু মুখ্যমন্ত্ৰীৰ নিযুত মইনা আ...