শিক্ষা মন্ত্ৰী ডা° ৰণোজ পেগুৱে আজি ধেমাজী জিলাত সমগ্র শিক্ষা অসমে শিক্ষকসকলৰ বাবে আয়োজন কৰা হস্তলিপি প্রশিক্ষণ শিবিৰ পৰিদৰ্শন কৰে। লক্ষীমপুৰ টাউন হাইস্কুলত প্রায় ২০০ গৰাকী শিক্ষকক এই শিবিৰত কৃত্রিম বুদ্ধিমত্তাৰে চালিত চফ্ফ্টৱেৰৰ জৰিয়তে হস্তলিপিৰ প্ৰশিক্ষণ দিয়া হৈছে। মন্ত্ৰীগৰাকীয়ে লগতে আজি ধেমাজী জিলা পৰ্যায়ৰ দ্বিতীয় খেল মহাৰণ প্ৰতিযোগিতা উদ্বোধন কৰে। জোনাই, চিচিবৰ গাওঁ আৰু ধেমাজী বিধানসভা সমষ্টিৰ ২১২ গৰাকী যুৱ খেলুৱৈয়ে অংশগ্ৰহণ কৰা এই প্রতিযোগিতা উদ্বোধন কৰি ডা° পেগুৱে কয় যে ক্রীড়াই কেৱল শাৰীৰিক আৰু মানসিক স্বাস্থ্য ভালেখাই নহয় বৰঞ্চ উজ্জ্বল কেৰিয়াৰ আৰু নিয়োগৰ সুযোগ লাভতো সহায় কৰে।
Assamese | February 8, 2025 1:35 PM | Ranuj pagu
সমগ্র শিক্ষা অসমে শিক্ষকসকলৰ বাবে আয়োজন কৰা হস্তলিপি প্রশিক্ষণ শিবিৰ পৰিদৰ্শন শিক্ষা মন্ত্ৰীৰ