শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে আজি ধেমাজি সমষ্টিত ২১টা অংগনৱাড়ী কেন্দ্ৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। ধেমাজি সদৰত অৱস্থিত প্রায় ২৫ লাখ টকা ব্যয় সাপেক্ষে নির্মিত বিটি ক’লনিৰ অংগনৱাড়ী কেন্দ্ৰটো উদ্বোধন কৰি শিক্ষামন্ত্ৰীগৰাকীয়ে কয়, যে অংগনৱাড়ী কেন্দ্ৰ মাত্ৰ খেলা-ধূলাৰ ক্ষেত্ৰ নহয় বৰঞ্চ ই শিক্ষাৰ কেন্দ্র। কেন্দ্ৰসমূহত কন-কন শিশুসকলৰ স্বাস্থ্য আৰু পুষ্টিৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব দিয়া হ’ব বুলি মন্ত্ৰীগৰাকীয়ে ভাষণ প্ৰসংগত উল্লেখ কৰে। মন্ত্ৰীগৰাকীয়ে ধেমাজি আৰু বৰদলনি উন্নয়ন খণ্ডত নতুনকৈ নিৰ্মাণ হ’বলগীয়া ৪০টা অংগনৱাড়ী কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰে।
Assamese | March 20, 2025 8:25 PM | Ranuj pagu
ধেমাজি সমষ্টিত ২১টা অংগনৱাড়ী কেন্দ্ৰ আনুষ্ঠানিকভাৱে উদ্বোধন ডাঃ ৰণোজ পেগুৰ