ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহত নৱম শ্ৰেণীৰ পৰাই কৃত্রিম বুদ্ধিমত্তা সম্পৰ্কীয় পাঠ্যক্রম অন্তৰ্ভুক্ত কৰা হ’ব বুলি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ঘোষণা কৰিছে। উত্তৰ লখিমপুৰত কালি এখন সংবাদমেল সম্বোধন কৰি শিক্ষামন্ত্রী ডাঃ পেগুৱে কয়, যে টাটাৰ সৈতে লগ লাগি ৰাজ্য চৰকাৰে শিক্ষাৰ ক্ষেত্ৰত নতুনত্বৰ সূচনা কৰিব বিচাৰিছে। ইয়াৰ অংশ স্বৰূপে নৱম, দশম, একাদশ আৰু দ্বাদশ শ্ৰেণীত নতুনকৈ ১১ টা ঐচ্ছিক বিষয় অন্তর্ভুক্ত কৰিবলৈ শিক্ষা বিভাগে প্রস্তুতি সম্পন্ন কৰিছে। কৃত্রিম বুদ্ধিমত্তা, ৰব’টিক এডভান্সড মার্কেটিং, ছেমি কণ্ডাক্টৰ, মেচিন লার্নিং আদিক ঐচ্ছিক বিষয় হিচাপে অন্তৰ্ভুক্ত কৰা হ’ব। ইয়াৰ বাবে অসম চৰকাৰে ৪০০ কোটি টকা খৰচ কৰিব। তেওঁ কয়, যে ৰাজ্যৰ কাৰিকৰী শিক্ষা প্রতিষ্ঠানসমূহত উন্নত মানৰ শিক্ষা প্ৰদান কৰা হ’ব। ৪৩ খন আই টি আইৰ শিক্ষাৰ্থীয়ে লাভ কৰা প্ৰমাণপত্ৰখন দশম শ্রেণী উত্তীর্ণ সম পৰ্যায়ৰ হ’ব বুলি তেওঁ উল্লেখ কৰে। তেনে শিক্ষার্থীয়ে সেই প্ৰমাণপত্ৰৰে একাদশ শ্ৰেণীত নামভৰ্তি কৰিব পাৰিব। আনহাতে, পলিটেকনিকত উত্তীর্ণ শিক্ষার্থীসকলক দ্বাদশ শ্ৰেণী উত্তীৰ্ণৰ মৰ্যাদা দিয়া হ’ব। তেওঁলোকে স্নাতক পৰ্যায়ৰ পাঠ্যক্ৰমত নামভৰ্তি কৰিব পাৰিব। পলিটেক্নিকত উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীয়ে আই আই টি আৰু অভিযান্ত্ৰিক শিক্ষা গ্ৰহণৰ সুযোগ পাব। অনাগত সময়ত ৰাজ্যৰ ১১ টা বিভাগত কাৰিকৰী শিক্ষা প্ৰদানৰ বিষয়েও চৰকাৰে চিন্তা কৰিছে বুলি তেওঁ কয়। উদ্যমিতাৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰীৰ স্ব- নিয়োজন আঁচনিয়ে শিক্ষাৰ্থীসকলক উপকৃত কৰিব বুলি তেওঁ মন্তব্য কৰে।
Assamese | February 28, 2025 1:48 PM | Ranuj pagu
নৱম শ্ৰেণীৰ পৰাই কৃত্রিম বুদ্ধিমত্তা সম্পৰ্কীয় পাঠ্যক্রম অন্তৰ্ভুক্ত কৰা হ’ব বুলি শিক্ষামন্ত্ৰীৰ ঘোষণা