ৰাজ্যত কোনো চৰকাৰী বিদ্যালয় বন্ধ কৰা হোৱা নাই বুলি আজি শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে বিধানসভাত প্ৰকাশ কৰে। বিধায়ক আব্দুল কালাম ৰছিদ আলমৰ প্ৰশ্নৰ উত্তৰত তেওঁ কয়, যে অসমত ২০২১- ২২ বৰ্ষত ৪৪ হাজাৰ ৮২৬ খন বিদ্যালয় আৰু ২০২৩-২৪ বৰ্ষত ৪৪ হাজাৰ ৭৪৩ খন বিদ্যালয় আছে। শিক্ষা ক্ষেত্ৰৰ আধাৰত সংলগ্নকৰণ, একত্ৰিকৰণ ইত্যাদি কাৰণত বিদ্যালয়সমূহ স্থানান্তৰ কৰি সমীপৱৰ্তী বিদ্যালয়সমূহত পাঠদান প্রক্রিয়া চলি আছে বুলি তেওঁ কয়। চৰকাৰী তথ্য অনুসৰি ৰাজ্যত ৫ হাজাৰ ৮৮৩ খন অপ্ৰাদেশিকীকৃত বিদ্যালয় তেছ। ইয়াৰে ২ হাজাৰ ৩৪০ খন বিদ্যালয়ত ৩০ জনতকৈ কম শিক্ষার্থী আছে বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। যোগ্যতাৰ ভিত্তিত এনে বিদ্যালয়ৰ শিক্ষকসকলক ২০১৭ চনৰ বিজ্ঞাপনৰ আধাৰত ২০২১ চনত প্ৰাদেশিকীকৰণ কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে।
Assamese | March 6, 2025 6:05 PM | Ranuj pagu
ৰাজ্যত কোনো চৰকাৰী বিদ্যালয় বন্ধ কৰা হোৱা নাই বুলি বিধানসভাত শিক্ষামন্ত্রীৰ প্ৰকাশ