গ্রীষ্মবন্ধৰ সময়ত কোনো ধৰণৰ বাধ্যতামূলক শ্ৰেণীৰ বাবে বিদ্যালয় শিক্ষা বিভাগ বা সমগ্র শিক্ষা অভিযানে কোনো নির্দেশনা জাৰি কৰা নাই বুলি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে প্ৰকাশ কৰিছে। তেওঁ অৱশ্যে বিদ্যালয় পৰিচালনা সমিতি আৰু বিদ্যালয় পৰিচালনা তথা উন্নয়ন সমিতিক গ্রীষ্মকালিন বন্ধৰ সময়ত স্বেচ্ছাই আগ্রহী শিক্ষকৰ জৰিয়তে পৰিপূৰক শ্ৰেণীৰ পাঠদান আৰু বিনোদনমূলক সহ পাঠ্যক্ৰমৰ কাৰ্যকলাপ অনুষ্ঠিত কৰিবলৈ পৰামৰ্শ দিয়া হৈছে বুলি জানিবলৈ দিয়ে। পূর্বেও বিদ্যালয়সমূহে এনে ধৰণৰ পদক্ষেপ গ্ৰহণ কৰি আহিছে বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।
Assamese | July 2, 2025 8:27 PM | Ranuj pagu
গ্রীষ্মবন্ধত কোনো ধৰণৰ বাধ্যতামূলক শ্ৰেণীৰ বাবে নির্দেশনা জাৰি কৰা নাই বুলি শিক্ষামন্ত্ৰীৰ প্ৰকাশ