শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে আজি জিঅ‘ টেক্সটাইল প্রযুক্তিৰে নিৰ্মাণ কৰা ধেমাজী জিলাৰ জীয়াঢলৰ নৱনিৰ্মিত মথাউৰিটো পৰিদৰ্শন কৰে। ধেমাজী, চমৰাজান, জীয়াঢল, হাতীগড়, বাটঘৰীয়া আদি কেইবাটাও পঞ্চায়ত আৰু ধেমাজী নগৰৰ সুৰক্ষাৰ বাবে নিৰ্মাণ কৰা জীয়াঢলৰ নৱ নিৰ্মিত মথাউৰিটো পৰিদৰ্শন কৰি ডাঃ পেগুৱে মথাউৰিটোৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে নৈৰ জলস্তৰ বৃদ্ধিৰ পূৰ্বেই যাৱতীয় ব্যৱস্থা লবলৈ জলসম্পদ বিভাগৰ বিষয়াসকলক নির্দেশ দিয়ে। মন্ত্ৰীগৰাকীয়ে জলসম্পদ বিভাগৰ বিষয়া কৰ্মচাৰীৰ সৈতে বৰ্মন গাঁৱৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথলৈ প্ৰায় ৭ কিলোমিটাৰ দৈৰ্ঘ্যৰ মথাউৰিটো পৰিদৰ্শন কৰে।
Assamese | June 7, 2025 7:13 PM | Ranuj pagu
ধেমাজী জিলাৰ জীয়াঢলৰ নৱনিৰ্মিত মথাউৰিটো পৰিদৰ্শন ডাঃ ৰণোজ পেগুৰ