ৰাজ্য চৰকাৰৰ শিক্ষা, ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণী কল্যাণ বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি ধেমাজি চিটী কলেজৰ প্ৰেক্ষাগৃহত আয়োজিত সংশোধিত আইন ব্যৱস্থা সম্পৰ্কীয় এখন গুৰুত্বপূৰ্ণ কর্মশালা উদ্বোধন কৰে। ধেমাজি জিলা সাংবাদিক সংস্থাৰ উদ্যোগত ধেমাজি চিটী কলেজৰ আতিথ্যত আয়োজিত কর্মশালাখনত সংশোধিত আইন ব্যৱস্থাৰ ভাৰতীয় ন্যায় সংহিতা, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আৰু ভাৰতীয় সাক্ষ্য অধিনিয়মৰ সন্দৰ্ভত আলোচনা হয়। কর্মশালাখনে জিলাখনত আইনী সজাগতাৰ ক্ষেত্ৰত সহায়ক হ‘ব বুলি মন্ত্ৰীগৰাকীয়ে আশা প্রকাশ কৰে। কর্মশালাখনত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা বিজন মহাজনে সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰি সংশোধিত আইন ব্যৱস্থা সন্দৰ্ভত আলোচনা আগবঢ়ায়।
Assamese | June 14, 2025 6:18 PM | Ranuj pagu
ধেমাজি চিটী কলেজৰ প্ৰেক্ষাগৃহত সংশোধিত আইন ব্যৱস্থা সম্পৰ্কীয় কর্মশালা উদ্বোধন ডাঃ ৰণোজ পেগুৰ