September 22, 2026 4:23 PM

views 8

এছিয়ান গেমছত ভাৰতীয় মহিলা ক্ৰিকেটৰ খিতাপ দখল

ভাৰতে এছিয়ান গেমছৰ মহিলা ক্ৰিকেটৰ খিতাপ দখল কৰিছে। ভাৰতে আজি জাপানৰ নিচিনত অনুষ্ঠিত ফাইনেলত শ্রীলংকাক ১৪৭ ৰানত পৰাভূত কৰে। খেলখনত ভাৰতে টছত জিকি প্রথমে বেট ধৰাৰ সিদ্ধান্ত লৈ নিৰ্ধাৰিত ২০ অভাৰত ৩ টা উইকেট হেৰুৱাই ২১৬ ৰান কৰে। ভাৰতৰ হৈ স্মৃতি মান্ধানাই সৰ্বাধিক ৭৯ ৰান কৰে ৷ আৰ ঘোষে ৪৯ আৰু শ্বেফালী বাৰ্মাই ৪৮ ৰানৰ বৰঙণি আগবঢ়ায়। প্ৰত্যুত্তৰত শ্ৰীলংকাই ১৫ অভাৰ আৰু ৪ টা বলত আটাইকেইটা উইকেট হেৰুৱাই ৬৯ ৰানহে কৰিবলৈ সমৰ্থ হয়। বাংলাদেশৰ বিৰুদ্ধে ১১৪ ৰানৰ প্ৰভাৱশালী বিজয়েৰে ভাৰতে ফাইনেলত নিজৰ স্থান নি...

September 20, 2026 8:38 PM

views 19

এছিয়ান গেমছত ভাৰতীয় দলৰ সাফল্য অর্জনত ৰাষ্ট্ৰপতি, প্রধানমন্ত্রী আৰু গৃহমন্ত্রীৰ অভিনন্দন

ৰাষ্ট্ৰপতি দ্রৌপদী মুর্মু, প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্রী অমিত শ্বাহে এছিয়ান গেমছৰ মহিলাৰ ১০ মিটাৰ এয়াৰ ৰাইফল শিতানত ৰূপৰ পদক অর্জন কৰা ইলাভেনিল ভালাৰিভানক শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বার্তাত ৰাষ্ট্ৰপতি শ্রীমতী মুর্মুৱে কয় যে ভালাৰিভানে দর্শনীয় প্রদর্শনেৰে দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে। ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে ভবিষ্যতেও খেলুৱৈগৰাকীয়ে এনে সাফল্য অর্জন কৰাৰ আশা প্রকাশ কৰে। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে সামাজিক মাধ্যমৰ এটা বাৰ্তাত কয় যে ইলাভেনিল ভালাৰিভানে আজিৰ দিনটোৰ দ্বিতীয়টো...

September 19, 2026 9:23 PM

views 15

বিংশতম এছিয়ান গেমছ আৰম্ভ

জাপানৰ আইচি-নাগোয়াত আজি বিংশতম এছিয়ান গেমছ আৰম্ভ হ'ব। পালমা মিজুহো ষ্টেডিয়ামত আয়োজিত মুকলি অনুষ্ঠানত দ্বৈত অলিম্পিক পদক বিজয়ী শ্বুটাৰ মনু ভাকৰ আৰু শ্বটপুট খেলুৱৈ তাজিন্দপাল সিং তুৰে ভাৰতীয় দলৰ পতাকা বহন কৰিব ৷ অহা চাৰি অক্টোবৰলৈ হ'বলগীয়া এই প্ৰতিযোগিতাত ভাৰতৰ ৫০০ তকৈও অধিক এথলীটে ৩৭ টা শাখাত অংশগ্ৰহণ কৰিব। ভৰিৰ গাঁঠিৰ আঘাতৰ বাবে জেভলিন থ্ৰ'ৰ যোৱাবাৰৰ বিজয়ী নীৰজ চোপ্ৰাই অংশ ল'ব পৰা নাই যদিও দলটোত ৫ জনকৈ অলিম্পিক পদক বিজয়ী ক্রীড়াবিদ আছে। বেডমিণ্টনত পি ভি সিন্ধু, ভাৰোত্তোলনত মীৰাবাই চানু,...

September 19, 2026 10:10 AM

views 29

জাপানৰ আইচি-নাগোয়াত এছিয়ান গেমছ; পালমা মিজুহো ষ্টেডিয়ামত উদ্ৱোধনী অনুষ্ঠান

জাপানৰ আইচি-নাগোয়াত আজি বিংশতম এছিয়ান গেমছ আৰম্ভ হ'ব। পালমা মিজুহো ষ্টেডিয়ামত আয়োজিত মুকলি অনুষ্ঠানত দ্বৈত অলিম্পিক পদক বিজয়ী শ্বুটাৰ মনু ভাকৰ আৰু শ্বটপুট খেলুৱৈ তাজিন্দপাল সিং তুৰে ভাৰতীয় দলৰ পতাকা বহন কৰিব। অহা চাৰি অক্টোবৰলৈ হ'বলগীয়া এই প্রতিযোগিতাত ভাৰতৰ ৫০০ তকৈও অধিক এথলীটে ৩৭টা ক্রীড়া শাখাত অংশগ্ৰহণ কৰিব। ভৰিৰ গাঁঠিৰ আঘাতৰ বাবে জেভলিন থ্র’ৰ যোৱাবাৰৰ বিজয়ী নীজ চোপ্ৰাই অংশ ল'ব পৰা নাই যদিও দলটোত ৫ জনকৈ অলিম্পিক পদক বিজয়ী ক্রীড়াবিদ আছে। বেডমিণ্টনত পি ভি সিন্ধু, ভাৰোত্তোলনত মীৰাবাই ...

September 18, 2026 9:11 PM

views 22

জাপান এছিয়ান গেমছ ২০২৬ৰ শুভাৰম্ভণি অনুষ্ঠানত অলিম্পিক পদক বিজেতা মনু ভাকেৰ আৰু শ্বটপুতাৰ তেজিন্দৰ পাল সিং টুৰে দেশৰ ধবজা বহন কৰিব

জাপানৰ আইচি নাগ'য়াত কাইলৈ হবলগীয়া এছিয়ান গেমছ ২০২৬ৰ শুভাৰম্ভণি অনুষ্ঠানত দুবাৰকৈ অলিম্পিক পদক বিজেতা মনু ভাকেৰ আৰু শ্বটপুতাৰ তেজিন্দৰ পাল সিং টুৰে দেশৰ ধবজা বহন কৰিব। কাইলৈ আনুষ্ঠানিকভাৱে আৰম্ভ হ'বলগীয়া এছিয়ান গেমচৰ বিংশ সংস্কৰণত এইবাৰ দেশৰ হৈ ৫০০ ৰো অধিক এথলীটে ৩৭ বিধ খেলৰ শিতানত অংশগ্রহণ কৰিব। আঘাতৰ বাবে জেভেলীন থ্রোৰ প্ৰতিযোগিতাৰ পৰা নিৰজ চোপ্ৰাই নাম প্রত্যাহাৰ কৰিবলগীয়া হোৱাৰ পাছত ভাৰতীয় দলত পাচোগৰাকীকৈ অলিম্পিক পদক বিজেতা খেলুৱৈ আছে। পি ভি সিন্ধুৱে বেডমিণ্টন, মীৰাবাই চানুৱে ভাৰোত্তোলন, মনু ...

September 8, 2026 11:56 AM

views 23

১৯ ছেপ্টেম্বৰৰ পৰা ৪ অক্টোবৰলৈ জাপানৰ আইচি-নাগোয়াত এছিয়ান গেমছ ২০২৬ অনুষ্ঠিত

জাপানৰ আইচি-নাগোয়াত ১৯ ছেপ্টেম্বৰৰ পৰা ৪ অক্টোবৰলৈ এছিয়ান গেমছ ২০২৬ অনুষ্ঠিত কৰা হ'ব। অৱশ্যে মুকলি অনুষ্ঠানৰ ৯ দিন পূর্বে অর্থাত ১০ ছেপ্টেম্বৰৰ পৰাই খেল আৰম্ভ হোৱাৰ কথা। ১৭ ছেপ্টেম্বৰত টেকবলৰ জৰিয়তে ভাৰতৰ অভিযান আৰম্ভ হোৱাৰ বিপৰীতে ১৮ ছেপ্টেম্বৰত ভাৰতীয় মহিলা ক্রিকেট দলে জাপানৰ বিৰুদ্ধে কোৱাৰ্টাৰ ফাইনেলত আৰম্ভণি কৰিব। ভাৰতে ক্ৰিকেট আৰু কাবাডীত পুৰুষ আৰু মহিলা উভয় দলৰ খিতাপ দখল কৰাৰ চেষ্টা চলাব। বিপৰীতে হকীত ভাৰতীয় পুৰুষৰ দলটোৱেও ডিফেণ্ডিং চেম্পিয়ন হিচাপে প্ৰৱেশ কৰিব। ২০ ছেপ্টেম্বৰৰ পৰা ইচ...