September 29, 2026 4:41 PM

views 15

এছিয়ান গেমছ ২০২৬ ত মহিলাৰ ট্ৰেপ দলত ৰূপৰ পদক লাভ কৰা নিৰু ধাণ্ডা, অসীমা আহলাওৱাৰ্ট আৰু মণিষা কিৰলৈ ৰাষ্ট্ৰপতি মুৰ্মুৰ অভিনন্দন

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে এছিয়ান গেমছ ২০২৬ ত মহিলাৰ ট্ৰেপ দলত ৰূপৰ পদক লাভ কৰা নিৰু ধাণ্ডা, অসীমা আহলাওৱাৰ্ট আৰু মণিষা কিৰলৈ অভিনন্দন জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বার্তাত শ্রীমতী মুৰ্মুৱে কয় যে তেওঁলোকৰ স্থিৰ লক্ষ্য আৰু কঠোৰ অনুশীলনে এই প্রতিযোগিতাত সফল হোৱাত সহায় কৰিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে খেলুৱৈসকলক এই জয়ৰ ধাৰাবাহিকতা অব্যাহত ৰখাৰ বাবে অভিনন্দন জনাইছে।

September 29, 2026 3:39 PM

views 10

এছিয়ান গেমছত ভাৰতীয় খেলুৱৈসকলে পদক জয়ৰ ধাৰা অব্যাহত

জাপানৰ আইচি নাগ’য়াত চলি থকা এছিয়ান গেমছত ভাৰতীয় খেলুৱৈসকলে পদক জয়ৰ ধাৰা অব্যাহত ৰাখিছে। পুৰুষৰ জেভলিনত কালি য়ছবীৰ সিঙে ৮৫.৭২ মিটাৰেৰে ৰূপৰ আৰু ৰোহিত যাদৱে ৮৪.৩৫ মিটাৰ দলিয়াই ব্ৰঞ্জৰ পদক অৰ্জন কৰে। পুৰুষৰ লং জাম্পত শ্ৰীশংকৰ মুৰুলীয়ে ৰূপৰ পদক অৰ্জন কৰে। ভাৰতীয় এথলীট গুলবীৰ সিঙে পুৰুষৰ ১৫০০ মিটাৰ দৌৰত দ্বিতীয় স্থান লাভ কৰি চলিত প্রতিযোগিতাত তেওঁ দ্বিতীয়টো ৰূপৰ পদক অৰ্জন কৰিছে। এথলীটগৰাকীয়ে পূৰ্বতে পুৰুষৰ ১০ হাজাৰ মিটাৰ দূৰত্বৰ দৌৰত ৰূপৰ পদক অৰ্জন কৰিছিল । ইপিনে, মহিলাৰ ২৫ মিটাৰ পিষ্টলৰ ব...

September 27, 2026 12:18 PM

views 11

এছিয়ান গেমছত ভাৰতৰ বৰ্তমানলৈকে ৪ টা সোণ, ১২ টা ৰূপ আৰু ১৪ টা ব্ৰঞ্জসহ মুঠ ৩০ টা পদক অর্জন

জাপানত অনুষ্ঠিত এছিয়ান গেমছত ভাৰতৰ পুৰুষ আৰু মহিলাৰ কম্পাউণ্ড আৰ্চাৰী দলে আজি ছেমিফাইনেলত প্ৰৱেশ কৰে। পুৰুষ দলে ভূটানক ২৩৫-২৩২ পইণ্টৰ ব্যৱধানত পৰাস্ত কৰাৰ বিপৰীতে মহিলা দলে কাজাখাস্তানক ২৩৩-২৩০ পইণ্টৰ ব্যৱধানত পৰাস্ত কৰে। দুয়োটা দলে ছেমিফাইনেলত দক্ষিণ কোৰিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ইপিনে, পুৰুষ আৰু মহিলাৰ স্কোৱাছ ছিংগলছৰ ফাইনেলত আজি অনাহত সিং আৰু অভয় সিং অৱতীৰ্ণ হ'ব। নাগয়া কিঞ্জোত হ'বলগীয়া ফাইনেলত দুয়োগৰাকী ভাৰতীয় খেলুৱৈয়ে মালয়েছিয়াৰ প্ৰতিদ্বন্দ্বিৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এথলেটিকছত তেজস্কিন শংকৰে ...

September 26, 2026 8:55 PM

views 20

এছিয়ান গেমছত মহিলাৰ ৫০ মিটাৰ ৰাইফল থ্রী পজিচনছ দলীয় শিতানত ভাৰতৰ ৰূপৰ পদক জয়

জাপানত অনুষ্ঠিত এছিয়ান গেমছত ভাৰতে মহিলাৰ ৫০ মিটাৰ ৰাইফল থ্রী পজিচনছ দলীয় শিতানত ৰূপৰ পদক জয় কৰিছে। ভাৰতৰ তিলোত্তমা সেন, ৱিদৰ্শা বিনোদ আৰু আচি চক্সিয়ে এহেজাৰ ৭৬৩ পইণ্ট লাভ কৰাৰ বিপৰীতে চীনে ১,৭৭৩ পইণ্টেৰে অভিলেখ গঢ়ি সোণৰ পদক জয় কৰে। প্রতিযোগিতাত ভাৰতৰ মহিলা কাবাড়ী দলে আজি সোণৰ পদক অৰ্জন কৰিছে। ভাৰতে ফাইনেলত ইৰানক ৩৭-৩৪ পইণ্টৰ ব্যৱধানত পৰাস্ত কৰে। চলিত এছিয়ান গেমছত ভাৰতৰ মহিলা ক্রিকেট দল আৰু ১০ মিটাৰ এয়াৰ পিষ্টল মিক্সড দলীয় শিতানত সুৰুচি সিং ফৌগত আৰু কমলজিতে সোণৰ পদক অর্জন কৰাৰ পাছত এয়...

September 25, 2026 7:56 PM

views 14

এছিয়ান গেমছত ভাৰতৰ পুৰুষ আৰু মহিলা কাবাডী দল ফাইনেলত প্ৰৱেশ

জাপানত চলি থকা এছিয়ান গেমছত ভাৰতৰ পুৰুষ আৰু মহিলা কাবাডী দলে ফাইনেলত প্ৰৱেশ কৰিছে। ছেমি ফাইনেলত মহিলা দলে নেপালক ৪৮-২৪ পইণ্টৰ ব্যৱধানত আৰু পুৰুষ দলে থাইলেণ্ডক ৬৬-২৮ পইণ্টৰ ব্যৱধানত পৰাস্ত কৰে । ইপিনে, মহিলাৰ শটপুটত আজি মনপ্রীত কৌৰে ব্ৰঞ্জৰ পদক জয় কৰে। এই জয়ৰ সুবাদত মনপ্রীত এছিয়াড শ্বটপুট পদক জয় কৰা তৃতীয়গৰাকী ভাৰতীয় হিচাপে পৰিগণিত হয়। প্রতিযোগিতাত আজি পুৰুষৰ ১০ হাজাৰ মিটাৰ দৌৰত গুলবীৰ সিঙে ৰূপৰ পদক জয় কৰে। মহিলাৰ প'ল ভল্টত বাৰানিকা ইলাংগোৱানে ব্ৰঞ্জৰ পদক জয় কৰি এছিয়ান গেমছৰ এই শিতানত ...

September 24, 2026 3:58 PM

views 21

এছিয়ান গেমছৰ কাবাড়ীত ভাৰতীয় পুৰুষ দলটোৱে গ্ৰুপ-এৰ চূড়ান্ত খেলত চীনক ৩৭-২১ ফলাফলত হৰুৱাই ছেমি ফাইনেলত প্ৰৱেশ

এছিয়ান গেমছৰ কাবাড়ীত ভাৰতীয় পুৰুষ দলটোৱে গ্ৰুপ-এৰ চূড়ান্ত খেলত চীনক ৩৭-২১ ফলাফলত হৰুৱাই ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। গ্রুপ পৰ্যায়ত এইবাৰৰ সৈতে ভাৰতে চতুৰ্থ বাৰলৈ জয়লাভ কৰিছে। ইয়াৰ পূৰ্বে ভাৰতে দক্ষিণ কোৰিয়া, জাপান আৰু বাংলাদেশক পৰাজিত কৰিছিল। ১৯৯০ চনৰে পৰা কাবাডীত এছিয়ান গেমছত অন্তৰ্ভুক্ত হৈছে আৰু ভাৰতীয় পুৰুষ দলটোৱে ৮টা সোণৰ পদকসহ মুঠ ৯টা পদক লাভ কৰিছে। আনহাতে, ভাৰতীয় মহিলা দলটোৱে জয়ৰ ধাৰা অব্যাহত ৰাখি ইৰানক ৩৭-২৩ ৰ ফলাফলত পৰাজিত কৰে। মহিলা দলটোৱে ইয়াৰ পাছত জাপানৰ সৈতে মুখামুখি হ'ব।

September 24, 2026 1:28 PM

views 31

এছিয়ান গেমছত ৰূপৰ পদক অৰ্জন কৰা ৰ’ছিবীনা দেৱী আৰু ব্ৰঞ্জৰ পদক লাভ কৰা সৎনাম সিং আৰু চলমান খানক ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰী মোদীৰ অভিনন্দন

ভাৰতৰ ৰ’ছিবীনা দেৱীয়ে জাপানৰ আইচি-নাগোয়াত অনুষ্ঠিত এছিয়ান গেমছত উশ্বৰ মহিলাৰ ৬০ কিলোগ্রাম ওজন শাখাৰ ছান্দা শিতানত ৰূপৰ পদক অৰ্জন কৰিছে। ৰ’ছিবীনাই আজি ফাইনেলত চীনৰ ঝাংগ শ্বিয়াঅ’য়ুৰ হাতত ০-২ ফলাফলত পৰাভূত হয়। খেলুৱৈগৰাকীয়ে এছিয়ান গেমছৰ ইতিহাসত এইবাৰকে ধৰি ৩ টা পদক অৰ্জন কৰিছে। ৰ’ছিবীনাই ইয়াৰ পূৰ্বে ২০২৩ চনত অনুষ্ঠিত হাংঝৌ এছিয়ান গেমছত ৰূপৰ আৰু ২০১৮ চনত অনুষ্ঠিত জাকাৰ্টা-পালেমবাং এছিয়ান গেমছত ব্ৰঞ্জৰ পদক লাভ কৰিছিল। ইপিনে, ভাৰতৰ সৎনাম সিং আৰু চলমান খানে পুৰুষৰ নৌচালনাৰ স্কল্‌ছৰ ডালছত ব্ৰ...

September 24, 2026 1:11 PM

views 17

এছিয়ান গেমছত উশ্বৰ মহিলাৰ ৬০ কিলোগ্রাম ওজন শাখাৰ ছান্দা শিতানত ভাৰতৰ ৰ’ছিবীনা দেৱীৰ ৰূপৰ পদক অৰ্জন

ভাৰতৰ ৰ’ছিবীনা দেৱীয়ে জাপানৰ আইচি-নাগোয়াত অনুষ্ঠিত এছিয়ান গেমছত উশ্বৰ মহিলাৰ ৬০ কিলোগ্রাম ওজন শাখাৰ ছান্দা শিতানত ৰূপৰ পদক অৰ্জন কৰিছে। ৰ'ছিবীনাই আজি ফাইনেলত চীনৰ ঝাংগ শ্বিয়াঅ’য়ুৰ হাতত ০-২ ফলাফলত পৰাভূত হয়। খেলুৱৈগৰাকীয়ে এছিয়ান গেমছৰ ইতিহাসত এইবাৰকে ধৰি ৩ টা পদক অৰ্জন কৰিছে। ৰ’ছিবীনাই ইয়াৰ পূৰ্বে ২০২৩ চনত অনুষ্ঠিত হাংঝৌ এছিয়ান গেমছত ৰূপৰ আৰু ২০১৮ চনত অনুষ্ঠিত জাকাৰ্টা-পালেমবাং এছিয়ান গেমছত ব্ৰঞ্জৰ পদক লাভ কৰিছিল। ইপিনে, ভাৰতৰ সৎনাম সিং আৰু চলমান খানে পুৰুষৰ নৌচালনাৰ স্কল্‌ছৰ ডাব্‌লছত ...

September 22, 2026 4:23 PM

views 17

এছিয়ান গেমছত ভাৰতীয় মহিলা ক্ৰিকেটৰ খিতাপ দখল

ভাৰতে এছিয়ান গেমছৰ মহিলা ক্ৰিকেটৰ খিতাপ দখল কৰিছে। ভাৰতে আজি জাপানৰ নিচিনত অনুষ্ঠিত ফাইনেলত শ্রীলংকাক ১৪৭ ৰানত পৰাভূত কৰে। খেলখনত ভাৰতে টছত জিকি প্রথমে বেট ধৰাৰ সিদ্ধান্ত লৈ নিৰ্ধাৰিত ২০ অভাৰত ৩ টা উইকেট হেৰুৱাই ২১৬ ৰান কৰে। ভাৰতৰ হৈ স্মৃতি মান্ধানাই সৰ্বাধিক ৭৯ ৰান কৰে ৷ আৰ ঘোষে ৪৯ আৰু শ্বেফালী বাৰ্মাই ৪৮ ৰানৰ বৰঙণি আগবঢ়ায়। প্ৰত্যুত্তৰত শ্ৰীলংকাই ১৫ অভাৰ আৰু ৪ টা বলত আটাইকেইটা উইকেট হেৰুৱাই ৬৯ ৰানহে কৰিবলৈ সমৰ্থ হয়। বাংলাদেশৰ বিৰুদ্ধে ১১৪ ৰানৰ প্ৰভাৱশালী বিজয়েৰে ভাৰতে ফাইনেলত নিজৰ স্থান নি...

September 20, 2026 8:38 PM

views 25

এছিয়ান গেমছত ভাৰতীয় দলৰ সাফল্য অর্জনত ৰাষ্ট্ৰপতি, প্রধানমন্ত্রী আৰু গৃহমন্ত্রীৰ অভিনন্দন

ৰাষ্ট্ৰপতি দ্রৌপদী মুর্মু, প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্রী অমিত শ্বাহে এছিয়ান গেমছৰ মহিলাৰ ১০ মিটাৰ এয়াৰ ৰাইফল শিতানত ৰূপৰ পদক অর্জন কৰা ইলাভেনিল ভালাৰিভানক শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বার্তাত ৰাষ্ট্ৰপতি শ্রীমতী মুর্মুৱে কয় যে ভালাৰিভানে দর্শনীয় প্রদর্শনেৰে দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে। ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে ভবিষ্যতেও খেলুৱৈগৰাকীয়ে এনে সাফল্য অর্জন কৰাৰ আশা প্রকাশ কৰে। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে সামাজিক মাধ্যমৰ এটা বাৰ্তাত কয় যে ইলাভেনিল ভালাৰিভানে আজিৰ দিনটোৰ দ্বিতীয়টো...