ৰাষ্ট্ৰপতি দ্রৌপদী মুর্মু, প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্রী অমিত শ্বাহে এছিয়ান গেমছৰ মহিলাৰ ১০ মিটাৰ এয়াৰ ৰাইফল শিতানত ৰূপৰ পদক অর্জন কৰা ইলাভেনিল ভালাৰিভানক শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বার্তাত ৰাষ্ট্ৰপতি শ্রীমতী মুর্মুৱে কয় যে ভালাৰিভানে দর্শনীয় প্রদর্শনেৰে দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে।
ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে ভবিষ্যতেও খেলুৱৈগৰাকীয়ে এনে সাফল্য অর্জন কৰাৰ আশা প্রকাশ কৰে। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে সামাজিক মাধ্যমৰ এটা বাৰ্তাত কয় যে ইলাভেনিল ভালাৰিভানে আজিৰ দিনটোৰ দ্বিতীয়টো পদক অর্জন কৰি দেশলৈ সুনাম কঢ়িয়াই আনিছে।
ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰী দুয়োগৰাকীয়ে ১০ মিটাৰ এয়াৰ ৰাইফলত ৰূপৰ পদক অর্জন কৰা ভাৰতীয় দলটোক শুভেচ্ছা জ্ঞাপন কৰে। ৰাষ্ট্ৰপতিগৰাকীয়ে ইলাভেনিল ভালাৰিভান, সোনম মাস্কাৰ আৰু বিদৰ্শী বিনোদৰ দলটোৱে দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে বুলি প্রকাশ কৰি দলটোক শুভেচ্ছা জ্ঞাপন কৰিছে।
প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়েও কষ্ট আৰু দলীয় প্ৰদৰ্শনৰ বাবে এই সাফল্য অর্জন কৰিছে বুলি মন্তব্য কৰি তেওঁলোকৰ এই সাফল্যই দেশৰ উঠি অহা ক্রীড়াবিদসকলক অনুপ্রাণিত কৰিব বুলি আশা প্রকাশ কৰিছে।
গৃহমন্ত্রী অমিত শ্বাহেও সামাজিক মাধ্যমযোগে ইলাভেনিল ভালাৰিভান, সোনম মাস্কাৰ আৰু বিদর্শী বিনোদৰ দলটোলৈ শুভেচ্ছা জ্ঞাপন কৰি কয় যে এই ৰূপৰ পদকেৰে এছিয়ান গেমছত ভাৰতে পদক তালিকাৰ শুভাৰম্ভণি কৰিছে।