ভাৰতে এছিয়ান গেমছৰ মহিলা ক্ৰিকেটৰ খিতাপ দখল কৰিছে। ভাৰতে আজি জাপানৰ নিচিনত অনুষ্ঠিত ফাইনেলত শ্রীলংকাক ১৪৭ ৰানত পৰাভূত কৰে। খেলখনত ভাৰতে টছত জিকি প্রথমে বেট ধৰাৰ সিদ্ধান্ত লৈ নিৰ্ধাৰিত ২০ অভাৰত ৩ টা উইকেট হেৰুৱাই ২১৬ ৰান কৰে।
ভাৰতৰ হৈ স্মৃতি মান্ধানাই সৰ্বাধিক ৭৯ ৰান কৰে ৷ আৰ ঘোষে ৪৯ আৰু শ্বেফালী বাৰ্মাই ৪৮ ৰানৰ বৰঙণি আগবঢ়ায়। প্ৰত্যুত্তৰত শ্ৰীলংকাই ১৫ অভাৰ আৰু ৪ টা বলত আটাইকেইটা উইকেট হেৰুৱাই ৬৯ ৰানহে কৰিবলৈ সমৰ্থ হয়।
বাংলাদেশৰ বিৰুদ্ধে ১১৪ ৰানৰ প্ৰভাৱশালী বিজয়েৰে ভাৰতে ফাইনেলত নিজৰ স্থান নিশ্চিত কৰে। আনহাতে শ্রীলংকাই পাকিস্তানৰ বিৰুদ্ধে জয়লাভ কৰি ফাইনেলত প্ৰৱেশ কৰে। ইফালে ভাৰতৰ পুৰুষ বেডমিণ্টন দলটোৱে কালি বাংলাদেশক ৩-০ ব্যৱধানত পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে।
ভাৰতীয় মহিলা বেডমিণ্টন দলটো আজি কোৱাৰ্টাৰ ফাইনেলত আয়োজক দেশ জাপানৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। দলটোৱে কালি কাজাখাস্তানক ৩-০ৰ ব্যৱধানত পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। টেবল টেনিছত ভাৰতৰ মহিলা দলটোৱে প্রি কোৱাৰ্টাৰত থাইলেণ্ডক ৩-২ পৰাজিত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। কোৱাৰ্টাৰ ফাইনেলত ভাৰতীয় দলটো উত্তৰ কোৰিয়াৰ মুখামুখি হ’ব।