February 20, 2025 9:04 PM

views 34

ড° ভবেন্দ্ৰনাথ শ‍ইকীয়াৰ ওপজা দিন উপলক্ষে কথাশিল্পীগৰাকীৰ স্মৃতিত ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্রদ্ধা নিবেদন

বিশিষ্ট কথাশিল্পী, চলচ্চিত্র নির্মাতা, নাট্যকাৰ, পৰিচালক ড° ভবেন্দ্ৰনাথ শ‍ইকীয়াৰ ওপজা দিন উপলক্ষে আজি কথাশিল্পীগৰাকীৰ স্মৃতিত ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্রদ্ধা নিবেদন কৰা হয়। সুক্ষ্ম অনুভূতি সম্পন্ন ৰচনাৰে পঢ়ুৱৈৰ চেতনাক স্পন্দিত কৰা শ‍ইকীয়াই কবিতা, নাটক, গল্প, উপন্যাস, প্রবন্ধ, সমালোচনা, শিশু সাহিত্য আৰু আত্মজীৱনীৰে অসমীয়া সাহিত্যক সমৃদ্ধ কৰি গৈছে। প্রান্তিক আৰু শিশু আলোচনী সঁফুৰাৰ প্ৰতিষ্ঠাপক সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰা শ‍ইকীয়াৰ পৰিচালিত ৮ খন চলচ্চিত্ৰৰ আটাইকেইখনেই ৰাষ্ট্ৰীয়- আন্তঃৰাষ্...

February 20, 2025 8:24 PM

views 47

ভাৰত বিশ্বৰ পঞ্চম বৃহত্তম আৰু দ্ৰুত গতিত বৃদ্ধি পোৱা অৰ্থনীতিঃ ৰাজ্যিক উদ্যোগ মন্ত্ৰী শোভা কাৰাণ্ডোলাজ

মিজোৰামত কেন্দ্ৰীয় ক্ষুদ্র, লঘু আৰু মজলীয়া উদ্যোগৰ ৰাজ্যিক মন্ত্রী শোভা কাৰাণ্ডোলাজে কয়, যে ভাৰত বিশ্বৰ পঞ্চম বৃহত্তম আৰু দ্ৰুত গতিত বৃদ্ধি পোৱা অৰ্থনীতি। আজি বিয়লি আইজলত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে, বিগত ১০ বছৰত দেখা পোৱা সুশাসনৰ বাবেই দেশৰ অর্থনীতি দ্রুত গতিত বৃদ্ধি পাইছে। মন্ত্ৰীগৰাকীয়ে চৰকাৰৰ বিভিন্ন কল্যাণমূলক আঁচনিৰ বিষয়ে দাঙি ধৰি কয়, যে এই আঁচনিসমূহে ৰাইজক সৱল কৰি তোলাৰ প্ৰয়াস কৰিছে। শ্ৰীমতী কাৰাণ্ডোলাজে কয়, যে চৰকাৰে আন্তঃগাঁথনি উন্নয়নৰ ওপৰত ...

February 20, 2025 8:23 PM

views 44

দেশৰ মুখ্য অর্থনৈতিক উপদেষ্টা ড০ ভি অনন্ত নাগেশ্বৰণৰ কাৰ্য্যকাল ২০২৭ চনৰ মাৰ্চলৈ বৃদ্ধি

দেশৰ মুখ্য অর্থনৈতিক উপদেষ্টা ড০ ভি অনন্ত নাগেশ্বৰণৰ কাৰ্য্যকাল ২০২৭ চনৰ মাৰ্চ মাহলৈ বৃদ্ধি কৰা হৈছে। বিত্ত মন্ত্ৰ্যালয়ে আজি এই সম্পর্কে এখন নিৰ্দেশনা জাৰি কৰে। ড০ ভি অনন্ত নাগেশ্বৰণে ২০২২ চনৰ জানুৱাৰীত মুখ্য অর্থনৈতিক উপদেষ্টা হিচাপে কাৰ্য্যভাৰ গ্ৰহণ কৰিছিল৷

February 19, 2025 3:38 PM

views 38

নতুন দিল্লীৰ নিৰ্বাচন সদনত নতুন মুখ্য নির্বাচন আয়ুক্ত হিচাপে জ্ঞানেশ কুমাৰৰ কাৰ্যভাৰ গ্ৰহণ

জ্ঞানেশ কুমাৰে আজি নতুন দিল্লীৰ নিৰ্বাচন সদনত নতুন মুখ্য নির্বাচন আয়ুক্ত হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে। শ্ৰী কুমাৰ কালি কাৰ্যকাল সম্পূৰ্ণ হোৱা ৰাজীৱ কুমাৰৰ স্থলাভিষিক্ত হৈছে। মুখ্য নির্বাচন আয়ুক্ত হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত জনসাধাৰণলৈ দিয়া এটা বাৰ্তাত শ্রী কুমাৰে কয়, যে ৰাষ্ট্ৰ নিৰ্মাণৰ প্ৰথম খোজেই হ'ল ভোটদান আৰু ১৮ বছৰ সম্পূৰ্ণ হোৱা প্ৰতি গৰাকী নাগৰিকে ভোটদান কৰা উচিত। তেওঁ কয যে দেশৰ সংবিধান, নির্বাচনী আইন, নিয়ম আৰু নিৰ্দেশনা অনুযায়ী নির্বাচন আয়োগে সদায় ভোটদাতাসকলৰ সৈতে আছে আৰু আগলৈয়...

February 19, 2025 3:35 PM

views 52

অসম বিধানসভাৰ বাজেট অধিবেশনৰ দ্বিতীয় দিনাৰ কাৰ্যসূচী হুলস্থুলীয়া পৰিবেশৰ মাজত আৰম্ভ

অসম বিধানসভাৰ বাজেট অধিবেশনৰ আজি দ্বিতীয় দিনাৰ কাৰ্যসূচী হুলস্থলীয়া পৰিবেশৰ মাজত আৰম্ভ হয়। শূন্যকালত বিৰোধী পক্ষই কয়লা ছিণ্ডীকেট, অসম চুক্তিৰ ৬ নম্বৰ দফা, দিটেনছন কেন্দ্ৰক সভাস্থগিত প্ৰস্তাৱ উত্থাপন কৰে আৰু বিষয়কেইটা সন্দৰ্ভত আলোচনাৰ দাবী জনাই সদনৰ মজিয়ালৈ উঠি গৈ ধৰ্ণা দিবলৈ ধৰে। ইয়াৰ বিপৰীতে শাসকীয় পক্ষৰ সদস্যসকলেও অসম লোকসেৱা আয়োগৰ নিযুক্তি কেলেংকাৰী সম্পৰ্কে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ শৰ্মা সমিতিৰ প্ৰতিবেদনক লৈ আলোচনাৰ দাবীত ধর্ণা দিয়ে। এ নে হুলস্থলীয়া পৰিস্থিতিৰ বাবে অধ্যক্ষই ত...

February 19, 2025 3:32 PM

views 50

দুদিনীয়া ভ্ৰমণসূচীৰে জোহান্সবাৰ্গলৈ ৰাওনা হ’ব বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰ

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে দ ক্ষিণ আফ্ৰিকাৰ আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক আৰু সহযোগিতা মন্ত্ৰী ৰোনাল্ড লামোলাৰ আমন্ত্ৰণ মর্মে জি-২০ ৰাষ্ট্ৰগোষ্ঠীৰ বিদেশ মন্ত্ৰীসকলৰ বৈঠকত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে কাইলৈ দুদিনীয়া ভ্ৰমণসূচীৰে জোহান্সবাৰ্গলৈ বুলি ৰাওনা হ'ব। বৈদেশিক পৰিক্ৰমা মন্ত্যালয়ে প্ৰকাশ কৰা মতে বিদেশ মন্ত্ৰীসকলৰ বৈঠকত ড০ জয়শংকৰৰ অংশগ্রহণে জি-২০ ৰাষ্ট্ৰসমূহৰ সৈতে ভাৰতৰ সম্পৰ্ক শক্তিশালী কৰিব আৰু এই গুৰুত্বপূৰ্ণ মঞ্চত গ্ল'ৱেল চাউথ ৰূপে পৰিচিত অর্থনীতি আৰু ঔদ্যোগীক দিশৰ পৰা তুলনামূলক ভাৱে...

February 17, 2025 8:43 PM

views 50

দিল্লীত বি এছ এফৰ উদ্যোগত ভাৰত আৰু বাংলাদেশৰ মাজত ৫৫ সংখ্যক সঞ্চালক পৰ্যায়ৰ সীমা সহযোগিতা সন্মিলন আৰম্ভ

নতুন দিল্লীত আজি সীমান্ত সুৰক্ষা বাহিনী-বি এছ এফৰ উদ্যোগত ভাৰত আৰু বাংলাদেশৰ মাজত ৫৫ সংখ্যক সঞ্চালক পৰ্যায়ৰ সীমা সহযোগিতা সন্মিলন আৰম্ভ হৈছে। ভাৰতৰ সীমান্ত সুৰক্ষা বাহিনী আৰু বাংলাদেশৰ সীমান্তৰক্ষী বি জি বিৰ মাজত অহা ২০ ফেব্ৰুৱাৰীলৈ এই সন্মিলন অব্যাহত থাকিব। বি এছ এফৰ সঞ্চালক প্রধান দলজিৎ সিং চৌধাৰীৰ নেতৃত্বত ভাৰতৰ বি এছ এফৰ প্রতিনিধি দলে বি জি বিৰ সঞ্চালক প্ৰধান মেজৰ জেনেৰেল মহম্মদ আশ্রাফুজামান চিদ্দিকিৰ নেতৃত্বত অহা বি জি বিৰ প্ৰতিনিধি দলৰ সৈতে সীমান্ত সম্পৰ্কীয় বিষয়সমূহ আলোচনা কৰিব। ইয়াৰ ...

February 17, 2025 8:41 PM

views 63

চেম পিটোডাই চীন সম্পৰ্কত কৰা বিতর্কিত মন্তব্যই দেশৰ পৰিচয়, সাৰ্বভৌমত্ব আৰু কূটনৈতিক বিচক্ষণতাত আঘাত হানিছেঃ বিজেপি

কংগ্ৰেছৰ বৈদেশিক শাখাৰ সভাপতি চেম পিটোডাই চীন সম্পৰ্কত কৰা এটা বিতর্কিত মন্তব্যই দেশৰ পৰিচয়, সাৰ্বভৌমত্ব আৰু কূটনৈতিক বিচক্ষণতাত আঘাত হানিছে বুলি ভাৰতীয় জনতা পাৰ্টীয়ে অভিযোগ কৰিছে। আজি নতুন দিল্লীত দলটোৰ মুখপাত্র সুধাংশু ত্রিবেদীয়ে এখন সংবাদমেলত অভিযোগ কৰি কয়, যে যিসময়ত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতে বিশ্বত এটা নতুন শক্তি আৰু প্ৰভাৱশালী দেশ হিচাপে পৰিচিতি লাভ কৰিছে, সেই সময়ত এনে ধৰণৰ দায়িত্বহীন মন্তব্যই সমগ্র দেশবাসীক লজ্জিত কৰিছে। ত্রিবেদীয়ে এনেধৰণৰ দায়িত্ব জ্ঞানহীন মন্তব...

February 17, 2025 8:32 PM

views 55

দেশবাসীৰ প্ৰতি ৰাষ্ট্ৰ প্ৰথম আদৰ্শত আস্থা ৰাখিবলৈ আহ্বান উপৰাষ্ট্ৰপতি জগদীপ ধনখড়ৰ

উপৰাষ্ট্ৰপতি জগদীপ ধনখড়ে পঞ্জাৱৰ মোহালিত আজি ৰাষ্ট্ৰীয় কৃষি খাদ্য আৰু জৈৱ নিৰ্মাণ সংস্থানত উদ্যমিতা আৰু কৌশল বিকাশ কার্যক্রম পৰিসৰৰ শুভ উদ্বোধন কৰে। দেশবাসীৰ প্ৰতি ৰাষ্ট্ৰ প্ৰথম আদৰ্শত আস্থা ৰাখিবলৈ আহ্বান জনাই শ্ৰীধনখড়ে ৰাষ্ট্ৰৰ কল্যাণ সকলো ধৰণৰ ব্যক্তিগত আৰু ৰাজনৈতিক কল্যাণৰ উৰ্ধত বুলি মন্তব্য কৰে। শ্রীধনখড়ে কয়, যে বিকশিত ভাৰত এতিয়া কেৱল সপোনেই নহয় বৰঞ্চ এয়া আমাৰ লক্ষ্য। কৃষি আৰু দুগ্ধ উৎপাদনৰ জৰিয়তে গ্রামীন অৰ্থব্যৱস্থাক পুনৰ উজ্জীৱিত কৰাৰ বাবে মন্ত্ৰীগৰাকীয়ে আহ্বান জনোৱাৰ লগতে কৃষি...

February 17, 2025 8:15 PM

views 39

শিৱসাগৰৰ পিয়লি ফুকন ষ্টেডিয়ামত ৭০ সংখ্যক বৰদলৈ ট্ৰফীৰ উজনি অসম মণ্ডলৰ খেলসমূহ অনুষ্ঠিত

শিৱসাগৰ ক্ৰীড়া সন্থাৰ সৌজন্যত আজিৰে পৰা শিৱসাগৰৰ পিয়লি ফুকন ষ্টেডিয়ামত ৭০ সংখ্যক বৰদলৈ ট্ৰফীৰ উজনি অসম মণ্ডলৰ খেলসমূহ অনুষ্ঠিত হৈছে। জিলা পৰ্যায়ৰ পৰা নিৰ্বাচিত শিৱসাগৰৰ ৰাজমাই ক’চিং, মাজুলীৰ ৰিভাৰাইন ক্লাব, চৰাইদেউৰ মাহমৰা নৱজ্যোতি ক্লাব, ডিব্ৰুগড়ৰ ১৯ এপিবিএন, যোৰহাটৰ ভিক্ট’ৰিয়াছ ক্লাব আৰু তিনিচুকীয়াৰ বাৰেকুৰি ক্লাবে এই মণ্ডল পৰ্যায়ৰ প্ৰতিযোগিতাত অংশ লৈছে। মৰিগাঁও জিলা ক্রীড়া সন্থাৰ উদ্যোগত ক্ষিৰোদ বৰুৱা ষ্টেডিয়ামত অনুষ্ঠিত মধ্য অসম মণ্ডলৰ উদ্বোধনী খেলত আজি নগাঁও ত্রিনয়ন গোষ্ঠীয়ে দেৰ...