মিজোৰামত কেন্দ্ৰীয় ক্ষুদ্র, লঘু আৰু মজলীয়া উদ্যোগৰ ৰাজ্যিক মন্ত্রী শোভা কাৰাণ্ডোলাজে কয়, যে ভাৰত বিশ্বৰ পঞ্চম বৃহত্তম আৰু দ্ৰুত গতিত বৃদ্ধি পোৱা অৰ্থনীতি। আজি বিয়লি আইজলত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে, বিগত ১০ বছৰত দেখা পোৱা সুশাসনৰ বাবেই দেশৰ অর্থনীতি দ্রুত গতিত বৃদ্ধি পাইছে। মন্ত্ৰীগৰাকীয়ে চৰকাৰৰ বিভিন্ন কল্যাণমূলক আঁচনিৰ বিষয়ে দাঙি ধৰি কয়, যে এই আঁচনিসমূহে ৰাইজক সৱল কৰি তোলাৰ প্ৰয়াস কৰিছে। শ্ৰীমতী কাৰাণ্ডোলাজে কয়, যে চৰকাৰে আন্তঃগাঁথনি উন্নয়নৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে, কিয়নো শক্তিশালী আন্তঃগাঁথনিৰ দ্বাৰাহে সামগ্রিক অগ্ৰগতি আৰু উন্নয়ন সম্ভৱ হয়। উত্তৰ পূৰ্বাঞ্চলৰ বিষয়ে কওতে মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে, চৰকাৰে অঞ্চলটোৰ উন্নয়নত গুৰুত্ব আৰোপ কৰিছে। তেওঁ লগতে কয়, যে উত্তৰ পূবৰ উৎপাদিত সামগ্ৰীৰ জৈৱিক প্ৰকৃতিৰ বাবে কৃষি আৰু উদ্যান শস্যৰ সামগ্ৰীৰ ক্ষেত্ৰত সুবিধা আছে। চৰকাৰে উত্তৰ পূৰ্বাঞ্চলত অধিক ধন আবণ্টন আৰু অধিক আন্তঃগাঁথনিৰ উন্নয়ন ত্বৰান্বিত কৰিবলৈ চৰকাৰ প্ৰতিশ্ৰুতিৱদ্ধ বুলি তেওঁ উল্লেখ কৰে।
Assamese | February 20, 2025 8:24 PM | Akashvani | Akashvani News
ভাৰত বিশ্বৰ পঞ্চম বৃহত্তম আৰু দ্ৰুত গতিত বৃদ্ধি পোৱা অৰ্থনীতিঃ ৰাজ্যিক উদ্যোগ মন্ত্ৰী শোভা কাৰাণ্ডোলাজ