February 17, 2025 8:07 PM

views 51

৪,৫০০টা প্রাথমিক শিক্ষক পদৰ বাবে অনলাইন আবেদনৰ তাৰিখ সলনি

অসম চৰকাৰৰ প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে প্রকাশ কৰা ৪,৫০০টা প্রাথমিক শিক্ষক পদৰ বাবে অনলাইন আবেদনৰ তাৰিখ সলনি কৰা হৈছে। এই সন্দৰ্ভত সঞ্চালকালয়ে জাৰি কৰা নির্দেশনা অনুসৰি প্রার্থীসকলক অহা ৩ মাৰ্চৰ পৰা এই পদসমূহৰ বাবে অনলাইন আবেদন কৰিবলৈ কোৱা হৈছে। উল্লেখযোগ্য যে প্রাথমিক শিক্ষা সঞ্চালকালয়ে প্রাথমিক বিদ্যালয়ৰ দুহেজাৰ ৯০০টা আৰু উচ্চ প্ৰাথমিকৰ ৬০০টা শিক্ষক প বাবে বিজ্ঞাপন প্ৰকাশ কৰিছিল৷

February 17, 2025 7:32 PM

views 69

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে য়াৰেজুংলা লংকুমেৰ শপত গ্ৰহণ

য়াৰেজুংলা লংকুমেৰে আজি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰে। মুখ্য ন্যায়াধীশ বিজয় বিষ্ণুয়ে আজি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নতুন ভৱনৰ ১ নম্বৰ আদালতত আয়োজিত এটা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত শ্ৰীমতী লংকুমেৰক শপত গ্ৰহণ কৰোৱায়। এই অনুষ্ঠানত উচ্চ ন্যায়ালয়ৰ কেইবাগৰাকীও ন্যায়াধীশ, অসম চৰকাৰৰ মহাধিবক্তা দেৱজিৎ শ‍ইকীয়া, অধিবক্তাসকল আৰু উচ্চ ন্যায়ালয়ৰ ন্যায়িক বিষয়াসকল উপস্থিত থাকে। উল্লেখযোগ্য যে নাগালেণ্ডৰ পৰা কোনো উচ্চ ন্যায়ালয়ত ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰা শ্ৰীমতী লং...

February 17, 2025 6:43 PM

views 59

ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচাৰ্যৰ ভাষণেৰে অসম বিধানসভাৰ বাজেট অধিৱেশনৰ প্ৰথম দিনাৰ কাৰ্যসূচী আৰম্ভ

কোকৰাঝাৰৰ বিটিচিৰ বিধায়িনী ভৱনত আজি ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচাৰ্যৰ ভাষণেৰে অসম বিধানসভাৰ বাজেট অধিৱেশনৰ প্ৰথম দিনাৰ কাৰ্যসূচী আৰম্ভ হয়। ৰাজ্যপালগৰাকীয়ে তেওঁৰ ভাষণত ৰাজ্যৰ অৰ্থনৈতিক বিকাশ, কল্যাণমূলক আঁচনি তথা সম্প্রতি ৰাজ্যখনে বিভিন্ন ক্ষেত্ৰত লাভ কৰা সাফল্যৰ বিষয়ত আলোকপাত কৰে। শ্ৰীআচাৰ্যই কয়, যে বিগত দশকত অসমে ১২.৬ শতাংশ চক্রবৃদ্ধি বার্ষিক বিকাশৰ হাৰৰ জৰিয়তে অর্থনৈতিক বিকাশত উল্লেখনীয় অগ্রগতি লাভ কৰিছে। তেওঁ লগতে কয়, যে অসমে গুজৰাটৰ সমানে দেশৰ ছেমি কণ্ডাক্টৰ উদ্যোগত গুৰুত্বপূৰ্ণ ভূমিকা...

February 17, 2025 6:18 PM

views 46

তাৰালাংছত ৫১ সংখ্যক কাৰ্বি যুৱ মহোৎসৱ বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত

কাৰ্বি আংলং জিলাৰ ডিফুৰ সমীপৰ তাৰালাংছত কালিৰে পৰা ৫১ সংখ্যক কাৰ্বি যুৱ মহোৎসৱ বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে। কাৰ্বি সাংস্কৃতিক সমাজৰ উদ্যোগত পাঁচদিনীয়া কাৰ্যসূচীৰে আয়োজিত কাৰ্বি যুৱ মহোৎসৱ কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে উদ্বোধন কৰে। উদ্বোধনী ভাষণত শ্ৰীৰংহাঙে কাৰ্বি ভাষা সংস্কৃতি সংৰক্ষণৰ বাবে নতুন প্ৰজন্মক দায়িত্ব ল'বলৈ আহ্বান জনায়। অনুষ্ঠানত অংশ লৈ সাংসদ অমৰ সিং টিছ’ৱে কাৰ্বি মহোৎসৱৰ ঐতিহ্যৰ বিষয়ে উল্লেখ কৰে বিভিন্ন জাতি-জনগোষ্ঠীৰ এই মহোৎসৱে অগণন লো...

February 17, 2025 6:03 PM

views 57

বাক্সা জিলাৰ ধমধমাৰ লে ডিপ’ত ৫ জনীয়া ডকাইটৰ দলৰ ২ লাখতকৈও অধিক টকা লুট

বাক্সা জিলাৰ ধমধমাৰ লে ডিপ’ত কালি নিশা ৫ জনীয়া ডকাইটৰ দল এটাই দুই লাখতকৈও অধিক টকা লুট কৰে। ধর্মধমাত থকা ভাৰত পেট্ৰ’লিয়াম ডিপত দুৰ্বৃত্তৰ দলটোৱে বাইকেৰে আহি কেশ্ব কাউণ্টাৰৰ দৰ্জা ভাঙি ধনখিনি লুট কৰি নিয়ে বুলি জানিব পৰা গৈছে। কেশ্ব কাউণ্টাৰত শুই থকা কৰ্মচাৰীজনক দলটোৱে কম্বলেৰে হেচা মাৰি ধৰি টকাখিনি লৈ পলায়ন কৰে। ঘটনাৰ খবৰ পাই ধমধমা আৰক্ষীয়ে নিশাই পেট্ৰ’ল ডিপ’টোত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।

February 17, 2025 6:01 PM

views 45

যোৰাবাট আৰক্ষীৰ ড্ৰাগছ বিৰোধী যুটীয়া অভিযানত ২ ড্ৰাগছ সৰবৰাহকাৰীক আটক

মহানগৰীৰ সমীপৱৰ্তী যোৰাবাটত বশিষ্ঠ আৰক্ষী আৰু যোৰাবাট আৰক্ষীৰ ড্ৰাগছ বিৰোধী যুটীয়া অভিযানত আজি দুজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰা হয়। ধৃত সৰবৰাহকাৰী দুজন ১৩ মাইলৰ গৌতম দাস আৰু ৰিভয়ৰ বিৰু বড়ো বুলি জানিবলৈ পোৱা গৈছে। আৰক্ষীয়ে সৰবৰাহকাৰী দুজনৰ পৰা ৩৬.৫০ গ্রাম নিষিদ্ধ ড্ৰাগছ আৰু নগদ টকা তথা ম'বাইল ফোন জব্দ কৰে। ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত আছে। গোলাঘাট জিলাত আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান চলাই বুজন পৰিমাণৰ ড্ৰাগছসহ এই ব্যৱসায়ত জড়িত কেইবাজনো লোকক গ্ৰেপ্তাৰ কৰে। গোলাঘাটৰ ৩ নম্বৰ ৰে’ল গেটৰ স...

February 17, 2025 5:59 PM

views 50

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ হিচাপে য়াৰেংজুংলা লংকুমেৰ শপতগ্ৰহণ

য়াৰেংজুংলা লংকুমেই আজি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ হিচাপে শপতগ্ৰহণ কৰে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বিজয় বিষ্ণৱে আজি দিনৰ ১০ বজাত ন্যায়ালয়ৰ নতুন ভৱনৰ ১ নম্বৰ আদালতত আয়োজিত এটা অনুষ্ঠানত শ্ৰীমতী লংকুমেৰক শপতগ্ৰহণ কৰোৱায়। শপতগ্রহণ অনুষ্ঠানত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কেইবাগৰাকীও ন্যায়াধীশ আৰু অসম চৰকাৰৰ উচ্চ পদস্থ বিষয়াসকল উপস্থিত আছিল।

February 14, 2025 9:10 PM

views 55

দিল্লীৰ পূৰ্বৰ মন্ত্ৰী সত্যেন্দৰ জৈনৰ বিৰুদ্ধে গোচৰ ৰুজুৰ বাবে অনুমতি বিচাৰি ৰাষ্ট্ৰপতি মুৰ্মুক অনুৰোধ গৃহ মন্ত্ৰালয়ৰ

গৃহ মন্ত্ৰালয়ে দিল্লীৰ পূৰ্বৰ মন্ত্ৰী সত্যেন্দৰ জৈনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ বাবে অনুমতি বিচাৰি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুক অনুৰোধ জনাইছে। উল্লেখযোগ্য যে গৃহ মন্ত্ৰালয়ে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ২১৮ অনুচ্ছেদৰ অধীনত শ্রীজৈনৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাষ্ট্ৰপতিৰ পৰা অনুমতি বিচাৰিছে। বিধি বলবৎকাৰী সঞ্চালকালয়ৰ পৰা সংগ্রহিত যথেষ্ট প্ৰমাণৰ ওপৰত ভিত্তি কৰি তেওঁৰ বিৰুদ্ধে এই গোচৰ ৰুজু কৰিবলৈ বিচৰা হৈছে। অর্থনৈতিক অনিয়ম আৰু আন বহুকেইটা অভিযোগৰ বাবে শ্রীজৈনক তদাৰক কৰি থকা হৈছে।

February 14, 2025 9:06 PM

views 61

ভাৰত শক্তি সপ্তাহ বিশ্বৰ দ্বিতীয় বৃহৎ শক্তি মঞ্চ হিচাপে প্ৰতিষ্ঠা লাভ কৰিছেঃ হৰদীপ সিং পুৰী

কেন্দ্ৰীয় পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী হৰদীপ সিং পুৰীয়ে আজি ভাৰত শক্তি সপ্তাহ বিশ্বৰ দ্বিতীয় বৃহৎ শক্তি মঞ্চ হিচাপে প্ৰতিষ্ঠা লাভ কৰিছে বুলি উল্লেখ কৰে। নতুন দিল্লীত অনুষ্ঠিত এই শক্তি সপ্তাহৰ সামৰণি সত্ৰত ভাষণ দি শ্ৰীপুৰীয়ে কয় যে এই মঞ্চ অন্য গোলকীয় শক্তি মঞ্চসমূহৰ পৰা পৃথকৰূপে বিবেচিত হৈছে। এই শক্তি মঞ্চই নেটৱৰ্কিং মঞ্চৰূপে সেৱা আগবঢ়োৱাৰ পৰিৱৰ্তে প্ৰকৃত ব্যৱসায়িক লেনদেনৰ সুবিধা প্ৰদান কৰিছে। ভাৰত শক্তি সপ্তাহৰ পৰৱৰ্ত্তী সংস্কৰণ গোৱাত অনুষ্ঠিত হ'ব। এই মঞ্চই পেট্ৰ'লিয়াম, প্রাকৃ...

February 14, 2025 9:02 PM

views 33

দিল্লীৰ যশোভূমিত ৪ দিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা ভাৰত শক্তি সপ্তাহ ২০২৫ৰ সামৰণি

নতুন দিল্লীৰ যশোভূমিত ৪ দিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা ভাৰত শক্তি সপ্তাহ ২০২৫ৰ আজি সামৰণি পৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১১ ফেব্ৰুৱাৰীত ভার্চুৱেল ব্যৱস্থাৰে এই সপ্তাহ শুভাৰম্ভ কৰিছিল। শক্তি খণ্ডৰ এয়া হৈছে গোলকীয় পৰ্যায়ৰ দ্বিতীয় সর্ববৃহৎ মঞ্চ। এই কার্যসূচীত বিভিন্ন দপ্তৰ, বিভিন্ন কোম্পানীৰ মুখ্য কাৰ্যবাহী বিষয়া, সর্বাধিক প্রদর্শনী স্থান আৰু ভালেমান সত্ৰ অনুষ্ঠিত হৈছিল। ১২০খন দেশৰ ৭০ হাজাৰৰো অধিক প্রতিনিধিয়ে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিছিল। আমেৰিকা যুক্তৰাষ্ট্ৰ, ইংলেণ্ড, নৰৱে, ফ্ৰান্স, ৰা...