February 14, 2025 8:58 PM

views 42

মাস্কটত ভাৰত মহাসাগৰ সন্মিলনত বাংলাদেশৰ বৈদেশিক পৰিক্ৰমা দপ্তৰৰ উপদেষ্টা মহম্মদ চৌহিদ হুছেইনৰ সৈতে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে দ্বিপাক্ষিক বাৰ্তালাপত মিলিত হোৱাৰ সম্ভাৱনা

ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে মাস্কটত ১৬ ফেব্ৰুৱাৰীৰ পৰা হ'বলগীয়া দুদিনীয়া ভাৰত মহাসাগৰ সন্মিলনৰ সময়ত বাংলাদেশৰ বৈদেশিক পৰিক্ৰমা দপ্তৰৰ উপদেষ্টা মহম্মদ চৌহিদ হুছেইনৰ সৈতে দ্বিপাক্ষিক বাৰ্তালাপত মিলিত হোৱাৰ সম্ভাৱনা আছে। ওমানৰ বিদেশ মন্ত্ৰী আৰু ভাৰতৰ বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰীগৰাকীয়ে বাংলাদেশৰ বৈদেশিক পৰিক্ৰমা উপদেষ্টাগৰাকীক এই সন্মিলনত ভাগ ল'বলৈ আমন্ত্ৰণ জনাইছে। ভাৰত আৰু ওমানৰ বৈদেশিক মন্ত্ৰালয়ে যুটীয়াভাৱে এই সন্মিলনৰ আয়োজন কৰিছে। বাংলাদেশৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্...

February 14, 2025 8:50 PM

views 53

ৰাষ্ট্ৰপতি মুৰ্মুৰ কৰ্ণাটক ভ্ৰমণঃ দশম আন্তঃৰাষ্ট্ৰীয় মহিলা সন্মিলনৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি কৰ্ণাটক ভ্ৰমণ কৰে। ৰাষ্ট্ৰপতিগৰাকীয়ে বেংগালুৰুত দা আর্ট অব লিভিঙে আয়োজন কৰা দশম আন্তঃৰাষ্ট্ৰীয় মহিলা সন্মিলনৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰে। ভাষণ প্রসঙ্গত শ্ৰীমতী মুর্মুৱে কয় যে প্ৰযুক্তিৰ দিশত বৰ্তমান সময় আগুৱাই গৈছে, ইয়াৰ মাজতে আমি আমাৰ মানৱীয় প্ৰমূল্যসমূহ জীয়াই ৰাখিব লাগিব। ৰাষ্ট্ৰপতিগৰাকীয়ে কাইলৈ ঝাৰখণ্ডৰ ৰাঁছীত বি আই টি মেস্ৰাৰ হীৰক জয়ন্তীৰ কাৰ্যসূচীত সম্বোধন কৰিব।

February 14, 2025 8:14 PM

views 47

কথাশিল্পী শীলভদ্র জন্ম শতবার্ষিকী উপলক্ষে নৰ্থ লখিমপুৰ মহাবিদ্যালয়ত মনোজ্ঞ আলোচনাচক্র

নৰ্থ লখিমপুৰ মহাবিদ্যালয়ৰ সৌজন্যত সাহিত্য একাডেমীৰ উদ্যোগত আজি মহাবিদ্যালয় প্ৰেক্ষাগৃহত কথাশিল্পী শীলভদ্র জন্ম শতবার্ষিকী উপলক্ষে এটি মনোজ্ঞ আলোচনাচক্র অনুষ্ঠিত হয়। অসমীয়া বিভাগৰ সহযোগত আয়োজিত এই আলোচনাচক্ৰত শীলভদ্ৰৰ জীৱন আৰু সাহিত্য বিষয়ক আলোচনা অনুষ্ঠিত হয়। সাহিত্য একাডেমীৰ ক্ষেত্ৰীয় সমন্বয়ক ক্ষেত্রবাসী নায়কে উদ্বোধন কৰা এই অনুষ্ঠানত সাহিত্য একাডেমীৰ অসমীয়া ভাষা উপদেষ্টা পৰিষদৰ সমন্বয়ক ড০ দিগন্ত বিশ্ব শৰ্মাই মূল বক্তব্য আগবঢ়ায়।

February 14, 2025 8:08 PM

views 52

গণেশগুৰিৰ কালি মন্দিৰৰ সমীপত পদপথৰ ফুলৰ ব্যৱসায়ীক চুৰিৰে আক্ৰমণ এজন যুৱকৰ

গুৱাহাটীৰ গণেশগুৰিৰ উৰণ সেঁতুৰ পাৰ্শ্বৱৰ্তী কালি মন্দিৰৰ নিচেই সমীপতে আজি এজন যুৱকে পদপথৰ এগৰাকী ফুলৰ ব্যৱসায়ীক চুৰিৰে আক্ৰমণ কৰে। আক্ৰমণকাৰী যুৱকজন পদপথৰ ব্যৱসায়ীক ফুল পুলিৰ যোগান ধৰা বুলি জানিব পৰা গৈছে। চুৰিৰ আঘাতত আহত ব্যৱসায়ীগৰাকীৰ নাম ভূপেন বর্মন। গুৰুতৰভাৱে আঘাতপ্রাপ্ত ভূপেন বৰ্মন সম্প্রতি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছে।

February 14, 2025 6:26 PM

views 57

গুৱাহাটী পৌৰ নিগমৰ চাফাই কৰ্মী পুলিন দাসৰ ‘আছিল প্ৰেয়সী মোৰ’ শীৰ্ষক কাব্যগ্ৰন্থ উন্মোচন

গুৱাহাটী পৌৰ নিগমৰ চাফাই কৰ্মী পুলিন দাসৰ ‘আছিল প্ৰেয়সী মোৰ’ শীৰ্ষক কাব্যগ্ৰন্থখন আজি দিছপুৰ প্ৰেছ ক্লাবত জ্যেষ্ঠ সাংবাদিক দেৱজিৎ ভূঞাই উন্মোচন কৰে। সংগ্রামী জীৱনৰ মাজেৰে জীৱন অতিবাহিত কৰা পুলিন দাস বহুতৰ বাবে অনুপ্ৰেৰণা হ'ব বুলি শ্ৰী ভূঞাই উল্লেখ কৰে। জ্যেষ্ঠ সাংবাদিক ফণীধৰ পাঠকে সঞ্চালনা কৰা এই অনুষ্ঠানত কেইবাগৰাকী লেখক-সাংবাদিক উপস্থিত থাকে।

February 12, 2025 4:33 PM

views 64

গুৱাহাটী জল বোৰ্ডৰ ক্ষেত্ৰসীমাৰ ভিতৰত থকা এলেকাসমূহত আজিৰে পৰা ৩টা পৰ্যায়ত পানী যোগান ব্যাহত হ’ব

গুৱাহাটী জল বোৰ্ডৰ ক্ষেত্ৰসীমাৰ ভিতৰত থকা এলেকাসমূহত আজিৰে পৰা তিনিটা পৰ্যায়ত পানী যোগান ব্যাহত হ'ব বুলি জল বোর্ডে এখন জাননীযোগে প্ৰকাশ কৰিছে। প্ৰথম পৰ্যায়ত আজিৰে পৰা ১৫ ফেব্ৰুৱাৰীলৈ, দ্বিতীয় পৰ্যায়ত ১৯ৰ পৰা ২২ ফেব্ৰুৱাৰীলৈ আৰু তৃতীয় পৰ্যায়ত ২৫ৰ পৰা ২৮ ফেব্ৰুৱাৰীলৈ পানী যোগান বন্ধ থাকিব। এই সময়ছোৱাত পানী যোগান ব্যৱস্থাত থকা আসোঁৱাহসমূহ পৰীক্ষাৰ বাবে ৰবটিক জৰীপ চলোৱা হ'ব বুলি জাননীখনত উল্লেখ কৰা হৈছে।

February 11, 2025 2:56 PM

views 46

শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ে প্ৰথমবাৰৰ বাবে আজিৰে পৰা দুদিনীয়াকৈ শৈক্ষিক মেলাৰ আয়োজন

নগাঁৱৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ে প্ৰথমবাৰৰ বাবে আজিৰে পৰা দুদিনীয়াকৈ শৈক্ষিক মেলাৰ আয়োজন কৰিছে। দেশৰ আগশাৰীৰ ১৫ খন বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ে এই মেলাত অংশ লৈছে। আজি পুৱা বিশ্ববিদ্যালয়খনৰ উপাচার্য অধ্যাপক মৃদুল হাজৰিকাই শিক্ষা মেলাখন মুকলি কৰে। মেলাৰ অংশ হিচাপে তিনিখন আলোচনাসত্ৰৰ আয়োজন কৰা হৈছে। উচ্চ শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীসকলক পৰামৰ্শ দানৰ বাবে আয়োজিত এই মেলাত ফেশ্বন ডিজাইনিং, এনিমেছন, বিমান পৰিবহন, পর্যটনকে ধৰি বিভিন্ন নতুন পাঠ্যক্রম সম্পর্কে আভাস দিয়া হ'ব। মেল...

February 11, 2025 11:16 AM

views 74

হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ প্ৰসঙ্গত গোলাঘাট জিলা দণ্ডাধীশৰ নিষেধাজ্ঞা

■ সমাগত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা অনুষ্ঠিত কৰাৰ সময়ত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি গোলাঘাটৰ জিলা দণ্ডাধীশে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ১৬৩ ধাৰাৰ অধীনত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে। এই অনুসৰি পৰীক্ষাকেন্দ্ৰৰ ১০০ মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত ছাত্ৰ-ছাত্ৰী আৰু কৰ্তৃত্বশীল ব্যক্তিৰ বাহিৰে ৩ জন বা ততোধিক ব্যক্তিৰ সমাগম নিষিদ্ধ কৰা হৈছে। একে দূৰত্বৰ ভিতৰত বিস্ফোৰক বা সন্দেহজনক সামগ্রী নিয়া, অবৈধভাৱে পাৰ্কিং কৰা, লাউডস্পীকাৰ বজোৱা, ইলেকট্রনি...

February 8, 2025 1:16 PM

views 38

আকাশবাণীত কাইলৈ সংবাদ চলন্তিকাত গুৱাহাটী মহানগৰীৰ জীৱনযাত্ৰা শৃংখলাৰ প্ৰথমটো অনুষ্ঠান প্ৰচাৰ

আকাশবাণীৰ গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে কাইলৈ সন্ধিয়া ৭ বাজি ৪৫ মিনিটৰ সংবাদ চলন্তিকাত গুৱাহাটী মহানগৰীৰ জীৱনযাত্ৰা শৃংখলাৰ প্ৰথমটো অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত তথাকথিত সৰু সৰু মানুহৰ জীৱন সংগ্ৰাম- তেওঁলোকৰ নিজ মুখেৰেই শুনিবলৈ পাব। অনুষ্ঠানটোৰ উপস্থাপন আৰু পৰিকল্পনা আকাশবাণীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰৰ।

February 7, 2025 9:11 PM

views 20

শোণিতপুৰ জিলা আয়ুক্তৰ অধ্যক্ষতাত আজি জিলা উন্নয়ন সমিতিৰ মাহিলী বৈঠক অনুষ্ঠিত

শোণিতপুৰ জিলা আয়ুক্তৰ অধ্যক্ষতাত আজি জিলা উন্নয়ন সমিতিৰ মাহিলী বৈঠক অনুষ্ঠিত হয়। বৈঠকত স্বাস্থ্য, পানীযোগান, বিনিয়োগ, শিক্ষা আৰু বিভিন্ন আঁচনি ৰূপায়ণৰ অগ্ৰগতি সন্দৰ্ভত আলোচনা কৰা হয়৷ জিলাখনৰ গৰ্ভৱতী মহিলাসকলৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি ৰক্তহীনতা প্ৰতিৰোধ, প্ৰতিষ্ঠানিক প্ৰসৱ নিশ্চিতকৰণ আৰু সম্পূৰ্ণ প্ৰতিষেধক নিশ্চিতকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়৷ আজিৰ বৈঠকতে এডভান্টেজ আচামৰ লগত সংগতি ৰাখি অহা ১০ ফেব্ৰুৱাৰীত শোণিতপুৰ আৰু বিশ্বনাথ জিলাৰ যৌথ বিনিয়োগ কৰ্মশালা আয়োজনৰ বিষয়ত সবিশেষ আলোচনা কৰা...