গুৱাহাটী জল বোৰ্ডৰ ক্ষেত্ৰসীমাৰ ভিতৰত থকা এলেকাসমূহত আজিৰে পৰা তিনিটা পৰ্যায়ত পানী যোগান ব্যাহত হ’ব বুলি জল বোর্ডে এখন জাননীযোগে প্ৰকাশ কৰিছে। প্ৰথম পৰ্যায়ত আজিৰে পৰা ১৫ ফেব্ৰুৱাৰীলৈ, দ্বিতীয় পৰ্যায়ত ১৯ৰ পৰা ২২ ফেব্ৰুৱাৰীলৈ আৰু তৃতীয় পৰ্যায়ত ২৫ৰ পৰা ২৮ ফেব্ৰুৱাৰীলৈ পানী যোগান বন্ধ থাকিব। এই সময়ছোৱাত পানী যোগান ব্যৱস্থাত থকা আসোঁৱাহসমূহ পৰীক্ষাৰ বাবে ৰবটিক জৰীপ চলোৱা হ’ব বুলি জাননীখনত উল্লেখ কৰা হৈছে।
Assamese | February 12, 2025 4:33 PM | Akashvani | Akashvani Guwahati | Jal Board
গুৱাহাটী জল বোৰ্ডৰ ক্ষেত্ৰসীমাৰ ভিতৰত থকা এলেকাসমূহত আজিৰে পৰা ৩টা পৰ্যায়ত পানী যোগান ব্যাহত হ’ব