নগাঁৱৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ে প্ৰথমবাৰৰ বাবে আজিৰে পৰা দুদিনীয়াকৈ শৈক্ষিক মেলাৰ আয়োজন কৰিছে। দেশৰ আগশাৰীৰ ১৫ খন বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ে এই মেলাত অংশ লৈছে। আজি পুৱা বিশ্ববিদ্যালয়খনৰ উপাচার্য অধ্যাপক মৃদুল হাজৰিকাই শিক্ষা মেলাখন মুকলি কৰে। মেলাৰ অংশ হিচাপে তিনিখন আলোচনাসত্ৰৰ আয়োজন কৰা হৈছে। উচ্চ শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীসকলক পৰামৰ্শ দানৰ বাবে আয়োজিত এই মেলাত ফেশ্বন ডিজাইনিং, এনিমেছন, বিমান পৰিবহন, পর্যটনকে ধৰি বিভিন্ন নতুন পাঠ্যক্রম সম্পর্কে আভাস দিয়া হ’ব। মেলাৰ আয়োজক সমিতিয়ে ৰাজ্যৰ কেইবাখনো মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ লগতে ব্যক্তিগত শিক্ষানুষ্ঠানকো এই মেলালৈ আমন্ত্ৰণ জনাইছে।
Assamese | February 11, 2025 2:56 PM | Akashvani | Akashvani News | Nagaon | Sankardev University
শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ে প্ৰথমবাৰৰ বাবে আজিৰে পৰা দুদিনীয়াকৈ শৈক্ষিক মেলাৰ আয়োজন