গুৱাহাটী পৌৰ নিগমৰ চাফাই কৰ্মী পুলিন দাসৰ ‘আছিল প্ৰেয়সী মোৰ’ শীৰ্ষক কাব্যগ্ৰন্থখন আজি দিছপুৰ প্ৰেছ ক্লাবত জ্যেষ্ঠ সাংবাদিক দেৱজিৎ ভূঞাই উন্মোচন কৰে। সংগ্রামী জীৱনৰ মাজেৰে জীৱন অতিবাহিত কৰা পুলিন দাস বহুতৰ বাবে অনুপ্ৰেৰণা হ’ব বুলি শ্ৰী ভূঞাই উল্লেখ কৰে। জ্যেষ্ঠ সাংবাদিক ফণীধৰ পাঠকে সঞ্চালনা কৰা এই অনুষ্ঠানত কেইবাগৰাকী লেখক-সাংবাদিক উপস্থিত থাকে।
Assamese | February 14, 2025 6:26 PM | AIR GUWAHATI | Akashvani | Akashvani News
গুৱাহাটী পৌৰ নিগমৰ চাফাই কৰ্মী পুলিন দাসৰ ‘আছিল প্ৰেয়সী মোৰ’ শীৰ্ষক কাব্যগ্ৰন্থ উন্মোচন