য়াৰেজুংলা লংকুমেৰে আজি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰে। মুখ্য ন্যায়াধীশ বিজয় বিষ্ণুয়ে আজি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নতুন ভৱনৰ ১ নম্বৰ আদালতত আয়োজিত এটা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত শ্ৰীমতী লংকুমেৰক শপত গ্ৰহণ কৰোৱায়। এই অনুষ্ঠানত উচ্চ ন্যায়ালয়ৰ কেইবাগৰাকীও ন্যায়াধীশ, অসম চৰকাৰৰ মহাধিবক্তা দেৱজিৎ শইকীয়া, অধিবক্তাসকল আৰু উচ্চ ন্যায়ালয়ৰ ন্যায়িক বিষয়াসকল উপস্থিত থাকে। উল্লেখযোগ্য যে নাগালেণ্ডৰ পৰা কোনো উচ্চ ন্যায়ালয়ত ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰা শ্ৰীমতী লংকুমেৰেই হৈছে প্ৰথমগৰাকী মহিলা। যোৱা ১২ ফেব্ৰুৱাৰীত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৰে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ পৰামৰ্শমৰ্মে নাগালেণ্ডৰ ন্যায়িক বিষয়াৰূপে কাৰ্যনিৰ্বাহ কৰি থকা শ্ৰীমতী লংকুমেৰক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ হিচাপে দুবছৰীয়া কাৰ্যকালৰ বাবে নিযুক্তি দিছিল। ইয়াৰ পূৰ্বে উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামে শ্রীমতী লংকুমেৰৰ লগতে আন এগৰাকী অধিবক্তাক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তিৰ বাবে পৰামৰ্শ দিছিল যদিও কেন্দ্ৰীয় চৰকাৰে শ্ৰীমতী লংকুমেৰৰ নিযুক্তিতহে অনুমোদন জনায়।
Assamese | February 17, 2025 7:32 PM | Akashvani | Guwahati High Court
গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে য়াৰেজুংলা লংকুমেৰ শপত গ্ৰহণ