নতুন দিল্লীৰ যশোভূমিত ৪ দিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা ভাৰত শক্তি সপ্তাহ ২০২৫ৰ আজি সামৰণি পৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১১ ফেব্ৰুৱাৰীত ভার্চুৱেল ব্যৱস্থাৰে এই সপ্তাহ শুভাৰম্ভ কৰিছিল। শক্তি খণ্ডৰ এয়া হৈছে গোলকীয় পৰ্যায়ৰ দ্বিতীয় সর্ববৃহৎ মঞ্চ। এই কার্যসূচীত বিভিন্ন দপ্তৰ, বিভিন্ন কোম্পানীৰ মুখ্য কাৰ্যবাহী বিষয়া, সর্বাধিক প্রদর্শনী স্থান আৰু ভালেমান সত্ৰ অনুষ্ঠিত হৈছিল। ১২০খন দেশৰ ৭০ হাজাৰৰো অধিক প্রতিনিধিয়ে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিছিল। আমেৰিকা যুক্তৰাষ্ট্ৰ, ইংলেণ্ড, নৰৱে, ফ্ৰান্স, ৰাছিয়া আৰু জাপানকে ধৰি ১০খন দেশৰ এই শক্তি সপ্তাহত পেভিলিয়ন আছিল। দেশত প্রধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ সফলতাক প্ৰতিফলিত কৰি এই সপ্তাহৰ আয়োজন কৰা হৈছিল যাতে গোলকীয় পৰ্যায়ত প্রধানমন্ত্ৰীৰ এই আঁচনি প্রতিফলিত হয়। দেশৰ শক্তি, নতুন আৰু নবীকৰণযোগ্য শক্তি, নিটি আয়োগ আৰু খনি মন্ত্ৰালয় আদিয়ে তেওঁলোকৰ বিভিন্ন সফলতা এই সপ্তাহত প্ৰদৰ্শন কৰিছিল।
Assamese | February 14, 2025 9:02 PM | Akashvani | Bharat Shakti Saptah
দিল্লীৰ যশোভূমিত ৪ দিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা ভাৰত শক্তি সপ্তাহ ২০২৫ৰ সামৰণি