গৃহ মন্ত্ৰালয়ে দিল্লীৰ পূৰ্বৰ মন্ত্ৰী সত্যেন্দৰ জৈনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ বাবে অনুমতি বিচাৰি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুক অনুৰোধ জনাইছে। উল্লেখযোগ্য যে গৃহ মন্ত্ৰালয়ে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ২১৮ অনুচ্ছেদৰ অধীনত শ্রীজৈনৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাষ্ট্ৰপতিৰ পৰা অনুমতি বিচাৰিছে। বিধি বলবৎকাৰী সঞ্চালকালয়ৰ পৰা সংগ্রহিত যথেষ্ট প্ৰমাণৰ ওপৰত ভিত্তি কৰি তেওঁৰ বিৰুদ্ধে এই গোচৰ ৰুজু কৰিবলৈ বিচৰা হৈছে। অর্থনৈতিক অনিয়ম আৰু আন বহুকেইটা অভিযোগৰ বাবে শ্রীজৈনক তদাৰক কৰি থকা হৈছে।
Assamese | February 14, 2025 9:10 PM | Akashvani | Akashvani News | Ministry of Home
দিল্লীৰ পূৰ্বৰ মন্ত্ৰী সত্যেন্দৰ জৈনৰ বিৰুদ্ধে গোচৰ ৰুজুৰ বাবে অনুমতি বিচাৰি ৰাষ্ট্ৰপতি মুৰ্মুক অনুৰোধ গৃহ মন্ত্ৰালয়ৰ