নতুন দিল্লীত আজি সীমান্ত সুৰক্ষা বাহিনী-বি এছ এফৰ উদ্যোগত ভাৰত আৰু বাংলাদেশৰ মাজত ৫৫ সংখ্যক সঞ্চালক পৰ্যায়ৰ সীমা সহযোগিতা সন্মিলন আৰম্ভ হৈছে। ভাৰতৰ সীমান্ত সুৰক্ষা বাহিনী আৰু বাংলাদেশৰ সীমান্তৰক্ষী বি জি বিৰ মাজত অহা ২০ ফেব্ৰুৱাৰীলৈ এই সন্মিলন অব্যাহত থাকিব। বি এছ এফৰ সঞ্চালক প্রধান দলজিৎ সিং চৌধাৰীৰ নেতৃত্বত ভাৰতৰ বি এছ এফৰ প্রতিনিধি দলে বি জি বিৰ সঞ্চালক প্ৰধান মেজৰ জেনেৰেল মহম্মদ আশ্রাফুজামান চিদ্দিকিৰ নেতৃত্বত অহা বি জি বিৰ প্ৰতিনিধি দলৰ সৈতে সীমান্ত সম্পৰ্কীয় বিষয়সমূহ আলোচনা কৰিব। ইয়াৰ লগতে এই সন্মিলনত দুয়ো দেশৰ সীমান্তৰক্ষী বাহিনীৰ মাজত সহযোগিতা উন্নত কৰা বিষয়ত গুৰুত্ব আৰোপ কৰা হ’ব। এই সন্মিলনতে বাংলাদেশৰ দুৰ্বৃত্তই বি এছ এফৰ জোৱান আৰু ভাৰতীয় নাগৰিকক কৰা আক্ৰমণ প্ৰতিৰোধ, সীমাৰ সিপাৰৰ অপৰাধ প্ৰতিৰোধৰ লগতে অন্যান্য বিষয়সমূহৰ সন্দৰ্ভত আলোচনা কৰা হ’ব।
Assamese | February 17, 2025 8:43 PM | Akashvani | BSF | Delhi
দিল্লীত বি এছ এফৰ উদ্যোগত ভাৰত আৰু বাংলাদেশৰ মাজত ৫৫ সংখ্যক সঞ্চালক পৰ্যায়ৰ সীমা সহযোগিতা সন্মিলন আৰম্ভ