বিশিষ্ট কথাশিল্পী, চলচ্চিত্র নির্মাতা, নাট্যকাৰ, পৰিচালক ড° ভবেন্দ্ৰনাথ শইকীয়াৰ ওপজা দিন উপলক্ষে আজি কথাশিল্পীগৰাকীৰ স্মৃতিত ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্রদ্ধা নিবেদন কৰা হয়। সুক্ষ্ম অনুভূতি সম্পন্ন ৰচনাৰে পঢ়ুৱৈৰ চেতনাক স্পন্দিত কৰা শইকীয়াই কবিতা, নাটক, গল্প, উপন্যাস, প্রবন্ধ, সমালোচনা, শিশু সাহিত্য আৰু আত্মজীৱনীৰে অসমীয়া সাহিত্যক সমৃদ্ধ কৰি গৈছে। প্রান্তিক আৰু শিশু আলোচনী সঁফুৰাৰ প্ৰতিষ্ঠাপক সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰা শইকীয়াৰ পৰিচালিত ৮ খন চলচ্চিত্ৰৰ আটাইকেইখনেই ৰাষ্ট্ৰীয়- আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰে সন্মানিত হৈছে। নাট্য পৰিচালনাৰ ক্ষেত্ৰত যশস্যা অৰ্জন কৰা সাহিত্যিকগৰাকীয়ে আকাশবাণীৰ বাবে নাটক ৰচনাৰ লগতে ভ্ৰাম্যমানৰ বাবে ২৭ খন নাটক ৰচনা আৰু কেইবাখনো পৰিচালনা কৰি সুখ্যাতি অৰ্জন কৰি গৈছে। ১৯৭৬ চনত তেওঁ সাহিত্য একাডেমী, ১৯৯০ চনত অসম উপত্যকা সাহিত্য বঁটা লাভ কৰাৰ উপৰি পদ্মশ্ৰী সন্মানেৰেও সন্মানিত হৈছিল। ভবেন্দ্ৰ নাথ শইকীয়া শিশু কল্যাণ ন্যাসৰ উদ্যোগত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আজি এই উপলক্ষে কাৰ্যসূচী ৰূপায়ণ কৰা হয়। কলাক্ষেত্ৰৰ শ্ৰীশ্ৰীমাধৱদেৱ আন্তর্জাতিক প্রেক্ষাগৃহত আয়োজিত অনুষ্ঠানত বিশিষ্ট সংগীত শিল্পী ৰূপম ভূঞাক ড° ভৱেন্দ্ৰ নাথ শইকীয়া সোঁৱৰণি বঁটা প্ৰদান কৰা হয়। আজি অভিমুখ নাট্যগোষ্ঠীয়ে ৰঘুনাথ নামৰ এখন নাটকো পৰিবেশন কৰিছে। কাইলৈ সন্ধিয়া ৬.৩০ বজাত একেটা প্ৰেক্ষাগৃহত মুম্বাইৰ নাট্যম গোষ্ঠীয়ে ড° ভৱেন্দ্ৰ নাথ শইকীয়াৰ বিখ্যাত নাটক শতাব্দি পৰিবেশন কৰিব।
Assamese | February 20, 2025 9:04 PM | Akashvani | Akashvani News | Bhabendra Nath Hazarika
ড° ভবেন্দ্ৰনাথ শইকীয়াৰ ওপজা দিন উপলক্ষে কথাশিল্পীগৰাকীৰ স্মৃতিত ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্রদ্ধা নিবেদন