উপৰাষ্ট্ৰপতি জগদীপ ধনখড়ে পঞ্জাৱৰ মোহালিত আজি ৰাষ্ট্ৰীয় কৃষি খাদ্য আৰু জৈৱ নিৰ্মাণ সংস্থানত উদ্যমিতা আৰু কৌশল বিকাশ কার্যক্রম পৰিসৰৰ শুভ উদ্বোধন কৰে। দেশবাসীৰ প্ৰতি ৰাষ্ট্ৰ প্ৰথম আদৰ্শত আস্থা ৰাখিবলৈ আহ্বান জনাই শ্ৰীধনখড়ে ৰাষ্ট্ৰৰ কল্যাণ সকলো ধৰণৰ ব্যক্তিগত আৰু ৰাজনৈতিক কল্যাণৰ উৰ্ধত বুলি মন্তব্য কৰে। শ্রীধনখড়ে কয়, যে বিকশিত ভাৰত এতিয়া কেৱল সপোনেই নহয় বৰঞ্চ এয়া আমাৰ লক্ষ্য। কৃষি আৰু দুগ্ধ উৎপাদনৰ জৰিয়তে গ্রামীন অৰ্থব্যৱস্থাক পুনৰ উজ্জীৱিত কৰাৰ বাবে মন্ত্ৰীগৰাকীয়ে আহ্বান জনোৱাৰ লগতে কৃষি পদ্ধতিত প্রদ্যোগিকীক অন্তৰ্ভুক্ত কৰাৰ বাবে তেওঁ গুৰুত্ব প্ৰদান কৰে।
Assamese | February 17, 2025 8:32 PM | Akashvani | Akashvani News | Jagdeep Dhankhar
দেশবাসীৰ প্ৰতি ৰাষ্ট্ৰ প্ৰথম আদৰ্শত আস্থা ৰাখিবলৈ আহ্বান উপৰাষ্ট্ৰপতি জগদীপ ধনখড়ৰ