June 29, 2025 11:21 AM

views 50

প্ৰস্তাৱনা যিকোনো সংবিধানৰ আত্মাস্বৰূপ আৰু ইয়াক সলনি কৰিব পৰা নাযায় বুলি উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ৰ প্ৰকাশ

প্ৰস্তাৱনা যিকোনো সংবিধানৰ আত্মাস্বৰূপ আৰু ইয়াক সলনি কৰিব পৰা নাযায় বুলি উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে প্ৰকাশ কৰিছে। নতুন দিল্লীত কালি এটা গ্ৰন্থ উন্মোচনী অনুষ্ঠানত ভাষণ দি উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, যে ভাৰতৰ বাহিৰে আন কোনো সংবিধানৰ প্ৰস্তাৱনা সলনি কৰা হোৱা নাই। তেওঁ কয়, যে প্ৰস্তাৱনাৰ আধাৰত সংবিধান বিকশাই তোলা হয় যদিও জৰুৰীকালীন অৱস্থাত জনসাধাৰণ প্ৰায় পৰাধীন হৈ থকা সময়ত ভয়াবহভাৱে প্ৰস্তাৱনাত সলনি কৰা হৈছিল। জৰুৰীকালীন অৱস্থাৰ সময়ছোৱাত প্ৰস্তাৱনাত সমাজবাদী, ধৰ্মনিৰপেক্ষ আৰু অখণ্ডতাৰ দৰে শব্...

May 16, 2025 11:47 AM

views 58

ভাৰতে শান্তিৰ দৃষ্টিভংগী বৰ্তাই ৰাখি সন্ত্ৰাসবাদীৰ বিৰুদ্ধে নিখুঁতভাৱে আক্রমণ চলাই নতুন গোলকীয় মান স্থাপন কৰিছেঃ উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়

ভাৰতে শান্তিৰ দৃষ্টিভংগী বৰ্তাই ৰাখি সন্ত্ৰাসবাদীৰ বিৰুদ্ধে নিখুঁতভাৱে আক্রমণ চলাই নতুন গোলকীয় মান স্থাপন কৰিছে বুলি উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে প্ৰকাশ কৰিছে। জয়পুৰত কালি বিয়লি ভেইৰো সিং শেখাৱট স্মাৰক পুস্তকালয় মুকলি কৰি উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে এইদৰে প্ৰকাশ কৰে। তেওঁ কয়, যে সন্ত্ৰাসবাদ এতিয়া আৰু কোনো এখন দেশৰ উদ্বেগৰ বিষয় হৈ থকা নাই বৰং বিশ্ব সুৰক্ষাৰ বাবে ভাবুকি হৈ পৰিছে। তেওঁ লগতে কয়, যে প্ৰথমবাৰ ভাৰতে আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ সমীপৰ জেইছ-ই-মহম্মদ আৰু লস্কৰ-এ-তৈয়বাৰ গোপন ঘাটিত নিখুঁতভাৱে ...

May 5, 2025 12:57 PM

views 68

এদিনীয়া ভ্রমণসূচীৰে জগদীপ ধনখড় আজি কৰ্ণাটকলৈ ৰাওনা

উপ ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে আজি এদিনীয়া ভ্রমণসূচীৰে কৰ্ণাটকলৈ ৰাওনা হ'ব। এই ভ্ৰমণকালত উপ ৰাষ্ট্ৰপতিগৰাকীয়ে কৰ্ণাটকৰ উত্তৰ কানাড়া জিলাৰ শিৰশিত অৱস্থিত বন মহাবিদ্যালয় পৰিদৰ্শন কৰিব। ইয়াৰ পূৰ্বে, উপ ৰাষ্ট্ৰপতিগৰাকীয়ে কালি মধ্যপ্ৰদেশৰ গোৱালিয়ৰত অৱস্থিত ৰাজমাতা বিজয়ৰাজে সিন্ধিয়া কৃষি বিশ্ববিদ্যালয় পৰিদৰ্শন কৰি শিক্ষাৰ্থী আৰু অধ্যাপকসকলৰ সৈতে বাৰ্তালাপত মিলিত হয়। তেওঁ কয়, যে কৃষি ক্ষেত্ৰৰ পৰাই উন্নত ভাৰতৰ পথ নিৰ্মাণ হৈছে। সেয়েহে কৃষকৰ জীৱনলৈ পৰিৱৰ্তন আৰু সমৃদ্ধি অনাৰ ক্ষেত্ৰত কৃষিৰ সৈতে জড...

March 30, 2025 10:07 PM

views 61

ৰাষ্ট্ৰীয় পৰিৱেশ সন্মিলনৰ সামৰণি অধিৱেশনত উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ৰ অংশগ্ৰহণ

■ উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে আজি নতুন দিল্লীত আজি ৰাষ্ট্ৰীয় পৰিৱেশ সন্মিলনৰ সামৰণি অধিৱেশনত অংশগ্ৰহণ কৰে। অনুষ্ঠানত ভাষণ দি শ্রী ধনখড়ে কয়, যে গোলকীয় পৰিৱেশ সম্পৰ্কীয় প্ৰত্যাহ্বানসমূহ সমাধান কৰাৰ বাবে আন্তর্জাতিক সহযোগিতাৰ প্ৰয়োজন। উদ্ভাৱনীমূলক কৌশলৰ জৰিয়তে পৰিৱেশগত বহনক্ষমতা তথা অর্থনৈতিক প্রগতি ত্বৰান্বিত হয় বুলিও তেওঁ প্ৰকাশ কৰে। পৰিৱেশ সংৰক্ষণৰ হকে কাম কৰিবলৈ তেওঁ নাগৰিকসকললৈ আহ্বান জনায়। কোনো ব্যক্তি, গোট তথা এখন দেশে অকলে পৰিৱেশৰ সমস্যা সমাধান কৰিব নোৱাৰে বুলিও তেওঁ প্ৰকাশ কৰে।

March 2, 2025 8:03 PM

views 62

বিকশিত ভাৰত কেৱল মাত্ৰ এতিয়া সপোন নহয়, এয়া হৈছে আমাৰ অগ্ৰাধিকাৰঃ উপৰাষ্ট্ৰপতি জগদীপ ধনখড়

উপৰাষ্ট্ৰপতি জগদীপ ধনখড়ে কৈছে যে, বিকশিত ভাৰত কেৱল মাত্ৰ এতিয়া সপোন নহয়, এয়া হৈছে আমাৰ অগ্ৰাধিকাৰ। তেওঁ কয়, যে বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত যুৱ প্ৰজন্মই এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। কেৰালাৰ তিৰুৱনন্তপুৰত আজি ভাৰতীয় বিচাৰকেন্দ্ৰমে আয়োজন কৰা চতুৰ্থ পি পৰমেশ্বৰণ স্মাৰক বক্তৃতা অনুষ্ঠানত তেওঁ এইকথা প্ৰকাশ কৰে। শ্ৰীধনখড়ে কয়, যে দেশত বৰ্তমান ৰূপায়ণ হৈ থকা উন্নয়নমূলক কাম-কাজসমূহে আমাক গোলকীয় পৰ্যায়ত গৌৰৱান্বিত কৰিছে। তেওঁ লগতে কয়, যে গাওঁ পর্যায়তো সুসংগঠিত ভাৰত হৈছে বি...

February 17, 2025 8:32 PM

views 58

দেশবাসীৰ প্ৰতি ৰাষ্ট্ৰ প্ৰথম আদৰ্শত আস্থা ৰাখিবলৈ আহ্বান উপৰাষ্ট্ৰপতি জগদীপ ধনখড়ৰ

উপৰাষ্ট্ৰপতি জগদীপ ধনখড়ে পঞ্জাৱৰ মোহালিত আজি ৰাষ্ট্ৰীয় কৃষি খাদ্য আৰু জৈৱ নিৰ্মাণ সংস্থানত উদ্যমিতা আৰু কৌশল বিকাশ কার্যক্রম পৰিসৰৰ শুভ উদ্বোধন কৰে। দেশবাসীৰ প্ৰতি ৰাষ্ট্ৰ প্ৰথম আদৰ্শত আস্থা ৰাখিবলৈ আহ্বান জনাই শ্ৰীধনখড়ে ৰাষ্ট্ৰৰ কল্যাণ সকলো ধৰণৰ ব্যক্তিগত আৰু ৰাজনৈতিক কল্যাণৰ উৰ্ধত বুলি মন্তব্য কৰে। শ্রীধনখড়ে কয়, যে বিকশিত ভাৰত এতিয়া কেৱল সপোনেই নহয় বৰঞ্চ এয়া আমাৰ লক্ষ্য। কৃষি আৰু দুগ্ধ উৎপাদনৰ জৰিয়তে গ্রামীন অৰ্থব্যৱস্থাক পুনৰ উজ্জীৱিত কৰাৰ বাবে মন্ত্ৰীগৰাকীয়ে আহ্বান জনোৱাৰ লগতে কৃষি...

February 12, 2025 8:43 PM

views 51

মালদ্বীপৰ এটা সংসদীয় প্রতিনিধি দলৰ আজি উপৰাষ্ট্ৰপতি জগদীপ ধনখড়ক সাক্ষাৎ

Maldives peoples majlis ৰ অধ্যক্ষ আব্দুল ৰহিম আব্দুল্লাৰ নেতৃত্বত অহা মালদ্বীপৰ এটা সংসদীয় প্রতিনিধি দলে আজি নতুন দিল্লীত উপৰাষ্ট্ৰপতি জগদীপ ধনখড়ক সাক্ষাৎ কৰে। বৈঠকত ভাৰত আৰু মালদ্বীপৰ মাজত বিভিন্ন ক্ষেত্ৰত থকা দ্বিপাক্ষিকসম্পৰ্কৰ বিষয়ে আলোচনা কৰা হয়। দুযোখন ৰাষ্ট্ৰৰ মাজত সংসদীয় বিনিময় তথা জনসাধাৰণৰ মাজৰ যোগাযোগ সন্দৰ্ভতো বৈঠকত আলোচনা কৰা হয় ৷

January 24, 2025 5:27 PM

views 59

ভাৰত ৰত্ন সন্মানেৰে বিভূষতি কপূৰি ঠাকুৰ এগৰাকী প্ৰকৃত নাগৰিক আৰু দূৰদৰ্শী ৰাজনীতিক আছিলঃ উপ-ৰাষ্ট্ৰপতি

উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে কয়, যে ভাৰত ৰত্ন সন্মানেৰে বিভূষতি কৰি ঠাকুৰ এগৰাকী প্ৰকৃত নাগৰিক আৰু দূৰদৰ্শী ৰাজনীতিক আছিল, যিয়ে বিভিন্ন সংস্কাৰসমূলক পদক্ষেপৰ জৰিয়তে বিহাৰত নৱ- জাগৰণৰ সূচনা কৰিছিল। বিহাৰৰ ছমষ্টিপুৰৰ কপূৰি গাঁৱত আজি কপূৰি ঠাকুৰৰ ১০১ সংখ্যক জন্ম বার্ষিকী উপলক্ষে আয়োজন কৰা অনুষ্ঠানত দিয়া ভাষণত উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে সমাজ সংস্কাৰত বিপ্লৱী পুৰুষগৰাকীৰ ভূমিকাত আলোকপাত কৰে। শ্ৰী ধনখড়ে কয়, যে কৰ্পূৰি ঠাকুৰে সামাজিক ন্যায়ৰ বাবে সংৰক্ষণ ব্যৱস্থা ৰূপায়ণ, মাতৃভাষা মাধ্যমত শিক্ষা, অসবর্...

January 13, 2025 4:55 PM

views 60

ৰাষ্ট্রপতিৰ দেশবাসীলৈ মকৰ সংক্ৰান্তিৰ শুভেচ্ছা

ৰাষ্ট্রপতি শ্রীমতী দ্রৌপদী মুর্মু, উপ-ৰাষ্ট্রপতি জগদীপ ধনখড়, লোকসভাৰ অধ্যক্ষ ওম বিৰলা আৰু গৃহমন্ত্রী অমিত শ্বাহে মাঘবিহু, লহৰী, মকৰ সংক্ৰান্তি আৰু পোংগল উপলক্ষে জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। এটা বার্তাত ৰাষ্ট্রপতি শ্রীমতী মুর্মুৱে কয়, যে এই উৎসৱবোৰ হৈছে দেশৰ সমৃদ্ধ সাংস্কৃতিক ঐতিহ্যৰ প্রতীক। এই উৎসৱ দেশৰ জনসাধাৰণক অক্লান্তভাৱে খাদ্য শস্যৰ যোগান ধৰা কৃষকসকলৰ প্রতি কৃতজ্ঞতা জ্ঞাপনৰ সুযোগ বুলি ৰাষ্ট্রপতিগৰাকীয়ে মন্তব্য কৰে। এই উৎসৱে সকলোৰে জীৱনলৈ সুখ আৰু সমৃদ্ধি কঢ়িয়াই আনিব বুলি তেওঁ আশা প্রকাশ...

January 11, 2025 9:24 PM

views 56

বেংগালুৰুত ৰাজ্যিক লোকসেৱা আয়োগৰ অধ্যক্ষসকলৰ ২৫ সংখ্যক ৰাষ্ট্ৰীয় সন্মিলন উদ্বোধন উপৰাষ্ট্ৰপতি ধনখড়ৰ

দেশত পৰীক্ষা আৰু সাক্ষাৎকাৰ অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত স্বচ্ছতা ৰক্ষা কৰা আৰু জনসাধাৰণৰ প্ৰতি জবাবদিহি হোৱাটোৱে যথেষ্ট নহয় বৰং এই প্রক্রিয়াসমূহ নিকা যেন লগাটোও অত্যন্ত প্রয়োজন। উপৰাষ্ট্ৰপতি জগদীপ ধনখড়ে আজি বেংগালুৰুত ৰাজ্যিক লোকসেৱা আয়োগৰ অধ্যক্ষসকলৰ ২৫ সংখ্যক ৰাষ্ট্ৰীয় সন্মিলন উদ্বোধন কৰি এই মন্তব্য কৰে। তেওঁ কয় যে কাৰ্যপালিকাৰ প্ৰভাৱৰ পৰা মুক্ত তথা ব্যক্তিগত স্বার্থ পূৰণ, স্বজনতোষণ আৰু পক্ষপাতিত্বৰ পৰা মুক্ত এখন স্বতন্ত্র আয়োগ গঠন কৰাটো প্ৰাক্তন ৰাষ্ট্ৰপতি ৰাজেন্দ্ৰ প্ৰসাদৰ লক্ষ্য আছিল। উপ...