উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে কয়, যে ভাৰত ৰত্ন সন্মানেৰে বিভূষতি কৰি ঠাকুৰ এগৰাকী প্ৰকৃত নাগৰিক আৰু দূৰদৰ্শী ৰাজনীতিক আছিল, যিয়ে বিভিন্ন সংস্কাৰসমূলক পদক্ষেপৰ জৰিয়তে বিহাৰত নৱ- জাগৰণৰ সূচনা কৰিছিল। বিহাৰৰ ছমষ্টিপুৰৰ কপূৰি গাঁৱত আজি কপূৰি ঠাকুৰৰ ১০১ সংখ্যক জন্ম বার্ষিকী উপলক্ষে আয়োজন কৰা অনুষ্ঠানত দিয়া ভাষণত উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে সমাজ সংস্কাৰত বিপ্লৱী পুৰুষগৰাকীৰ ভূমিকাত আলোকপাত কৰে। শ্ৰী ধনখড়ে কয়, যে কৰ্পূৰি ঠাকুৰে সামাজিক ন্যায়ৰ বাবে সংৰক্ষণ ব্যৱস্থা ৰূপায়ণ, মাতৃভাষা মাধ্যমত শিক্ষা, অসবর্ণ বিবাহ আদি সংস্কাৰমূলক পদক্ষেপ গ্ৰহণ কৰিছিল আৰু সেইবাবে তেওঁ জননায়ক হিচাপে জনসাধাৰণে স্মৰণ কৰি আহিছে। অনুষ্ঠানত ৰাজ্য সভাৰ উপ-সভাপতি হৰিবংশ, বিহাৰৰ ৰাজ্যপাল আৰিফ মহম্মদ খান, কেন্দ্রীয় কৃষি মন্ত্রী শিৱৰাজ সিং চৌহানৰ উপৰি আনকেইবাগৰাকী কেন্দ্রীয় মন্ত্রী উপস্থিত থাকে।
Assamese | January 24, 2025 5:27 PM | Jagdeep Dhankhar | VP India
ভাৰত ৰত্ন সন্মানেৰে বিভূষতি কপূৰি ঠাকুৰ এগৰাকী প্ৰকৃত নাগৰিক আৰু দূৰদৰ্শী ৰাজনীতিক আছিলঃ উপ-ৰাষ্ট্ৰপতি