বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে দ ক্ষিণ আফ্ৰিকাৰ আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক আৰু সহযোগিতা মন্ত্ৰী ৰোনাল্ড লামোলাৰ আমন্ত্ৰণ মর্মে জি-২০ ৰাষ্ট্ৰগোষ্ঠীৰ বিদেশ মন্ত্ৰীসকলৰ বৈঠকত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে কাইলৈ দুদিনীয়া ভ্ৰমণসূচীৰে জোহান্সবাৰ্গলৈ বুলি ৰাওনা হ’ব। বৈদেশিক পৰিক্ৰমা মন্ত্যালয়ে প্ৰকাশ কৰা মতে বিদেশ মন্ত্ৰীসকলৰ বৈঠকত ড০ জয়শংকৰৰ অংশগ্রহণে জি-২০ ৰাষ্ট্ৰসমূহৰ সৈতে ভাৰতৰ সম্পৰ্ক শক্তিশালী কৰিব আৰু এই গুৰুত্বপূৰ্ণ মঞ্চত গ্ল’ৱেল চাউথ ৰূপে পৰিচিত অর্থনীতি আৰু ঔদ্যোগীক দিশৰ পৰা তুলনামূলক ভাৱে কম উন্নত ৰাষ্ট্ৰসমূহৰ কন্ঠ সুদৃঢ় কৰিব। ড০ জয়শংকৰে বিদেশ মন্ত্ৰীসকলৰ বৈঠকত ভাগ লোৱাৰ আ পাহতে কেইবাখনো দ্বিপাক্ষিক বৈঠকতো মিলিত হোৱাৰ সম্ভাৱনা আছে।
Assamese | February 19, 2025 3:32 PM | Akashvani | Dr. S Jayshankar
দুদিনীয়া ভ্ৰমণসূচীৰে জোহান্সবাৰ্গলৈ ৰাওনা হ’ব বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰ