অসম বিধানসভাৰ বাজেট অধিবেশনৰ আজি দ্বিতীয় দিনাৰ কাৰ্যসূচী হুলস্থলীয়া পৰিবেশৰ মাজত আৰম্ভ হয়। শূন্যকালত বিৰোধী পক্ষই কয়লা ছিণ্ডীকেট, অসম চুক্তিৰ ৬ নম্বৰ দফা, দিটেনছন কেন্দ্ৰক সভাস্থগিত প্ৰস্তাৱ উত্থাপন কৰে আৰু বিষয়কেইটা সন্দৰ্ভত আলোচনাৰ দাবী জনাই সদনৰ মজিয়ালৈ উঠি গৈ ধৰ্ণা দিবলৈ ধৰে। ইয়াৰ বিপৰীতে শাসকীয় পক্ষৰ সদস্যসকলেও অসম লোকসেৱা আয়োগৰ নিযুক্তি কেলেংকাৰী সম্পৰ্কে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ শৰ্মা সমিতিৰ প্ৰতিবেদনক লৈ আলোচনাৰ দাবীত ধর্ণা দিয়ে। এ নে হুলস্থলীয়া পৰিস্থিতিৰ বাবে অধ্যক্ষই তিনিবাৰকৈ সদনৰ কাৰ্যক্ৰমণিকা স্থগিত ৰাখিবলৈ বাধ্য হয়। তিনিবাৰকৈ কাম-কাজ স্থগিত ৰখাৰ পাছত সদন পুনৰ মিলিত হোৱাৰ পাছত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বিধায়কসকলে উত্থাপন কৰা বিষয়সমূহক আলোচনা কৰিবলৈ ৰাজ্য চৰকাৰ সাজু বুলি মন্তব্য কৰে আৰু উপাধক্ষ্যক আলোচনাৰ দিনবাৰ নিৰ্ধাৰণ কৰিবলৈ অনুৰোধ জনায়।
Assamese | February 19, 2025 3:35 PM | Akashvani | assam assembly 2024
অসম বিধানসভাৰ বাজেট অধিবেশনৰ দ্বিতীয় দিনাৰ কাৰ্যসূচী হুলস্থুলীয়া পৰিবেশৰ মাজত আৰম্ভ