প্রখ্যাত সমাজকৰ্মী ধীৰেণ বৰুৱাৰ প্ৰথম মৃত্যুবার্ষিকী উপলক্ষে পৰহিলৈ গুৱাহাটীৰ কুমাৰ ভাস্কৰ নাট্য মন্দিৰত দিনৰ ১০ বাজি ২০ মিনিটৰ পৰা গুৱাহাটী প্ৰাণ শীর্ষক বিশেষ অন্তৰংগ আলাপ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। উল্লেখযোগ্য যে ধীৰেণ বৰুৱা সাংসদ হেম বৰুৱাৰ অন্যতম সহযোগী আছিল। গুৱাহাটী তেল শোধানাগাৰ, শৰাইঘাট দলং, উত্তৰ-পূব সীমান্ত ৰে’লৰ সদৰ কাৰ্যালয় স্থাপন আদি অসমৰ কেইবাটাও জাতীয় আন্দোলনৰ তেওঁ সক্রিয় অংশগ্ৰহণ কৰিছিল। প্ৰতিষ্ঠানটোৰ তৰফৰ পৰা গুৱাহাটীৰ সমস্যা তথা সমাধানৰ বিষয়ে আগ্রহী ব্যক্তিসকলক guwahatipran@gmail.com ই-মেইললৈ লিখি পঠিয়াবলৈ আহ্বান জনোৱা হৈছে।
Assamese | June 14, 2024 6:07 PM | Air news Guwahati | Akashvani | Akashvani Guwahati | Guwahati
দেওবাৰে গুৱাহাটীৰ কুমাৰ ভাস্কৰ নাট্য মন্দিৰত ‘গুৱাহাটী প্ৰাণ’ শীর্ষক বিশেষ অন্তৰংগ আলাপ অনুষ্ঠান